ফুলৰ মেলাক লৈ উখল-মাখল পৰিৱেশ গোলাঘাটৰ যোগীবাৰীত - flower festival in Khumtai
Published : Dec 25, 2023, 12:59 PM IST
গোলাঘাট, 25 ডিচেম্বৰ : সমাগত ইংৰাজী নৱবৰ্ষ ৷ ইতিমধ্যে ইংৰাজী নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসীও ৷ প্ৰতিবছৰৰ দৰে এইবাৰোও নৱবৰ্ষৰ উপলক্ষে গোলাঘাটৰ যোগীবাৰীত আয়োজন কৰা হৈছে ফুলৰ মেলা ৷
‘‘কোনোবাই সুগন্ধি ফুল আনিব বুলি অপেক্ষা নকৰিব ৷ নিজৰ বাৰীত নিজে ৰোপণ কৰি নিজৰ আত্মাক সজাই তোলক ৷” এই শ্লোগানেৰে নৱবৰ্ষক আদৰিবলৈ খুমটাইত অনুষ্ঠিত হ’ব ফুলৰ মেলা ৷ নানাৰঙী ফুলেৰে জাতিষ্কাৰ হ’ব গোলাঘাটৰ খুমটাইৰ গ্ৰাম্য পৰ্যটনৰস্থলী যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ ৷ প্ৰায় 60 খনতকৈও অধিক ফুলৰ বিপনীয়ে অংশগ্ৰহণ কৰিবলগা মেলাত নাগালেণ্ড আৰু মেঘালয়ৰ পৰাও আহিব বুলি জানিবলৈ দিছে বিধায়ক মৃণাল শইকীয়াই ৷
সকলোৱে শান্তি শৃংখলাৰে যাতে নৱবৰ্ষ উদযাপন কৰিব পাৰে তাৰ বাবেই এই ফুলৰ মেলাৰ আয়োজন কৰা হৈছে বুলি মন্তব্য কৰিছে বিধায়ক শইকীয়াই ৷ আনহাতে ফুলৰ মেলাৰ বাবে এতিয়া খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷
লগতে পঢ়ক :ভয়ংকৰ পথ দুৰ্ঘটনা, পথচাৰীক মহতিয়ালে তীব্ৰবেগী বাহনে