Rajor Dol Press Meet In Nalbari: ৰাইজৰ দলৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত সংবাদমেল সম্বোধন - ৰাইজৰ দলৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস
৮ জানুৱাৰীত ৰাইজৰ দলৰ দ্বিতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । দ্বিতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হ'ব নলবাৰী জিলাৰ বদনী আখিয়াত(Preparations for 2nd Foundation Day of Raijor Dol) । প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰাৰ প্ৰাক মূহুৰ্তত শনিবাৰে এক সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলে(Rajor Dol Press Meet In Nalbari) । সংবাদমেলখনত উপস্থিত থাকে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাছেল হুছেইনে, কেন্দ্ৰীয় সাধাৰণ সম্পাদক চিন্ময় বৰা, জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষজ্যোতি গগৈকে ধৰি কেইবাজনো বিষয়ববীয়া । সংবাদমেলখনত ৰাছেল হুছেইনে কয় যে সকলো আঞ্চলিক শক্তি ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে বিকল্প ৰাজনৈতিক শক্তি হিচাপে থিয় দিব লাগিব । সেই উদ্দেশ্যে আগত ৰাখি ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱসত এইবাৰ অসম জাতীয় পৰিষদক(Assam Jatiya Parishad) আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনোৱা হৈছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST