অসম

assam

ম'হৰ শিঙৰ পেঁপা প্ৰস্তুত

ETV Bharat / videos

Rongali Bihu 2023: ম'হৰ শিঙৰ পেঁপা প্ৰস্তুতত ব্যস্ত মৰাণৰ লোকশিল্পী - Rongali Bihu preparation in Assam

By

Published : Apr 4, 2023, 2:23 PM IST

Updated : Apr 5, 2023, 4:22 PM IST

ডিব্ৰুগড়, ৪ এপ্ৰিল:চাওঁতে চাওঁতে আকৌ আহি পালেহি অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু (Rongali Bihu preparation in Assam) ৷ ৰাজ্যৰ চাৰিওফালে এতিয়া ঢোলৰ গুম-গুমণি । ব্যাপক ভাৱে চলিছে বিহুৰ আয়োজন । তাঁতশালত বিহুৱান আৰু গাঁ‌ৱে গাঁৱে ঢেঁকীৰ শব্দত মুখৰিত ৰাজ্য । ফুলিছে কপৌ, নাহৰ, তগৰ । ঢোল-পেঁপাৰ শৱদত মুখৰিত হৈছে বিভিন্ন প্ৰান্ত ৷ এনে সময়তে ম'হৰ শিঙৰ পেঁপা প্ৰস্তুত কৰাত দিনে-নিশাই ব্যস্ত হৈ পৰিছে লোকশিল্পীসকল ।  

চৰাইদেউ জিলাৰ মৰাণৰ খোকামৰা গাঁৱৰ দুজন লোকশিল্পী ৰবীন ভঁৰালী আৰু ৰাচেল লেখাৰু এতিয়া ব্যস্ত ম'হৰ শিঙৰ পেঁপা প্ৰস্তুত কৰাত (Buffalo horn Pepa preparation in Moran)। বিগত কেইবাবছৰ ধৰি ম'হৰ শিঙৰ পেঁপা প্ৰস্তুত কৰাত ব্যস্ত এই দুই লোকশিল্পীয়ে বিভিন্ন বিহু হুঁচৰি দলৰ অৰ্ডাৰ অনুসৰি অৰ্দ্ধ শতাধিক পেঁপা নিৰ্মাণত দিনে-নিশাই ব্যস্ত হৈ পৰিছে ৷

 বিভিন্ন উৎসৰ পৰা ম'হৰ শিং সংগ্ৰহ কৰি ৰবীন ভঁৰালী আৰু ৰাচেল লেখাৰুৱে প্ৰস্তুত কৰিছে একক আৰু যুৰীয়া পেপাঁ । এনেদৰে প্ৰস্তুত কৰা পেঁপা বিক্ৰী কৰি দুয়ো আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে ৷ ইতিমধ্যে অসমৰ বিভিন্ন অঞ্চলৰ বিহু দলে পেঁপাৰ কাৰণে ৰবীন ভঁৰালী আৰু ৰাচেল লেখাৰুক যোগাযোগ কৰিছে ।

লগতে পঢ়ক:Karishma Nath programme in Nagaon: অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে আৰক্ষী থানাত কৰিশ্মাৰ গোচৰ  

Last Updated : Apr 5, 2023, 4:22 PM IST

ABOUT THE AUTHOR

...view details