Allegation against election officer:গাভৰুভেটি সমবায় সমিতিৰ নিৰ্বাচনতো ৰাজনৈতিক প্ৰভাৱ ! - গাভৰুভেটি সমবায় সমিতিৰ নিৰ্বাচনতো ৰাজনৈতিক প্ৰভাৱ
তিনিচুকীয়া, ২৭ জুলাই: তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাভৰুভেটি সমবায় সমিতিৰ নিৰ্বাচনত ৰাজনীতি কৰাৰ অভিযোগ উত্থাপিত হৈছে । অংশীদাৰ সকলৰ মাজত অনুষ্ঠিত হ'বলগীয়া সাধাৰণ নিৰ্বাচনত ৰাজনৈতিক দলৰ নাম আৰু বিধায়কৰ ফটো সম্বলিত প'ষ্টাৰ প্ৰচাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ । এই সন্দৰ্ভত সৰৱ হৈ সচেতন লোকসকলে বুধবাৰে সম্বোধন কৰে এখন সংবাদমেল ৷
১৯৭৩ চনতেই স্থাপন হোৱা গাভৰুভেটি সমবায় সমিতিক ৰাজনীতিৰ নামত কালিমা সনা কাৰ্যক তীব্ৰ সমালোচনা কৰিছে স্থানীয় একাংশ অংশীদাৰ সকলে । ইফালে, গাভৰুভেটি সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচনৰ দায়িত্ব লাভ কৰা নিৰ্বাচনী বিষয়াই গাফিলতি কৰাৰো অভিযোগ উত্থাপিত হৈছে ।
মনোনয় পত্ৰ দাখিলৰ সময়ত অংশীদাৰ সকলৰ সলনি বাহিৰৰ পৰা অহা ৰাজনৈতিক ব্যক্তিয়ে নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি পৰামৰ্শ দিয়াৰো অভিযোগ উঠিছে । উল্লেখ্য় যে অহা ৩০ জুলাইত গাভৰুভেটি সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব ।