Meri Maati Mera Desh: অমৃত কলহ যাত্ৰাক লৈ সোণাৰিত বিশেষ সজাগতা সভা - Amrit Kalash Yatra Preparation at Sonari
Published : Sep 19, 2023, 10:48 PM IST
ডিব্ৰুগড়,19 ছেপ্টেম্বৰ :কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ‘‘মোৰ মাটি মোৰ দেশ’’ কাৰ্যসূচীৰ অংশস্বৰূপে অহা 20 ছেপ্তেম্বৰৰ পৰা 28 ছেপ্তেম্বৰলৈ সমগ্ৰ অসমত ‘‘অমৃত কলহ যাত্ৰা’’ কাৰ্যসূচী ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ পাচতেই দেশৰ প্ৰধানমন্ত্ৰীৰ সপোন বাস্তৱ কৰিবলৈ তৎপৰ চৰাইদেউ জিলাৰ মন্ত্ৰী বিধায়ক । মঙলবাৰে কেইবাজনো মন্ত্ৰী বিধায়কৰ উপস্থিতিত চৰাইদেউ সোণাৰিত অনুষ্ঠিত হ'ল অমৃত কলহ যাত্ৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা । ‘‘মোৰ মাটি মোৰ দেশ’’ কাৰ্যসূচীৰ সৈতে সম্পৰ্কিত অমৃত কলহ যাত্ৰা সন্দৰ্ভত আলোচনা আৰু সজাগতা সৃষ্টিৰ বাবে আজি চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ল সভাখন ৷
এই সভাত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে যথেষ্ট সংখ্যক লোক । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেবিনেট মন্ত্ৰী যোগেন মহনে কয় যে, দেশৰ প্ৰধানমন্ত্ৰীৰ সপোন বাস্তৱ কৰিবলৈ কাইলৈৰ পৰা অৰ্থাৎ 20 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ প্ৰতিখন গাঁও পঞ্চায়ত আৰু প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো বাসগৃহৰ পৰা অমৃত কলহত এমুঠি মাটি সংগ্ৰহ কৰা হ'ব ।
লগতে পঢ়ক:Protest in Sonari:টাইপাৰ জনজাতি মৰ্যাদা প্ৰদানৰ দাবীত উত্তাল সোণাৰি