অসম

assam

Rongali Bihu preparation

ETV Bharat / videos

Rongali Bihu preparation: ঢোলত চাপৰ মাৰি ঢুলীয়া সাজু ব’হাগলৈ - গৰু ছালে মাত লগোৱাৰ সময়

By

Published : Mar 15, 2023, 8:55 PM IST

যোৰহাট, 15 মাৰ্চ:বছৰ বাগৰি আকৌ পালেহি অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু ৷ চ’তৰ চোতালত ব'হাগৰ বতৰা, আকাশে-বতাহে ব'হাগৰ উমান । ডেকা-গাভৰুৰ মনতো এতিয়া কেৱল ব'হাগী উচাহ ৷ লঠঙা বিৰিখত লাহেকৈ কুঁহিপাত মেলিছে, আমে মলিয়াইছে-জামে মলিয়াইছে, কঠালেও মুছি পেলাইছে ৷ পাতৰ আঁৰত লুকাই কুউ কুউ কৈ বিনাই কুলিয়েও দিছেহি ব’হাগ অহাৰ বতৰা ৷ এয়া গৰু ছালে মাত লগোৱাৰ সময় (Assam people ready for Rangali Bihu) ৷

ৰাজ্যৰ আন ঠাইৰ লগতে তিতাবৰৰ ঢোল নিৰ্মাণ কৰা দোকানসমূহত দেখিবলৈ পোৱা গৈছে ঢুলীয়া আৰু ওজাৰ ভিৰ ৷ ঢোল তৈয়াৰ কৰাত সম্পূৰ্ণ ব্যস্ত হৈ পৰিছে তিতাবৰৰ মুচিয়াৰসকল । নতুন ঢোল অথবা পুৰণি ঢোলৰ চাৱনি টানি ৰঙালী বিহুলৈ সাজু হৈছে ঢুলীয়া ৷ তিতাবৰত বৰ্তমান সময়ৰ ঢুলীয়া শিল্পী বা ঢোলৰ ওজা বুলি ক’লে পৰিচিত মদন বৰা । ঢোল সংস্কৃতিক জীয়াই ৰাখিবলৈ বহু বছৰ ধৰি আপ্ৰাণ চেষ্টা এইগৰাকী ঢুলীয়া শিল্পীৰ । ঢোলটোকে একমাত্ৰ লগৰী বুলি ভবা মদন বৰাই ঢোল পৰিবেশন কৰিয়েই পাৰ কৰিলে জীৱনৰ আধাখিনি সময় (Rangali Bihu preparation in Assam) । 

তিতাবৰৰ খাৰখোৱা ভগনীয়া গাঁৱৰ এইগৰাকী শিল্পীৰ অজস্ৰ প্ৰতিভা থকাৰ পিচতো আজিলৈকে কিন্তু ঢুলীয়া শিল্পী হিচাপে নাপালে চৰকাৰী স্বীকৃতি ।ভাৰতৰ বিভিন্ন ৰাজ্যত কান্ধত ঢোল লৈ হাতৰ আঙুলিৰ যাদুৰে জগত জিনিব বিচৰা ওজা মদন বৰাই বহু ছাত্ৰ-ছাত্ৰীক ঢোলৰ প্ৰশিক্ষণ দিয়াৰ লগতে এইবাৰো সাজু হৈছে ৰঙালী বিহুলৈ (Assamese Bihu dance) ।

লগতে পঢ়ক:State Film Award Controversy :বঁটা বিতৰ্কক লৈ কি ক'লে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ?

ইফালে, এইবাৰ অসমৰ বিহুক গিনিজ বকুত স্থান দিবৰ বাবে অসম চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰিছে ৷ তাৰ লগতে গ্ৰাম্যাঞ্চল সমূহতো চলিছে ব’হাগক আদৰাৰ প্ৰস্তুতি ৷ ঢোলৰ ছেৱে ছেৱে কঁকাল ঘূৰাই ব’হাগত এপাক নাচিবলৈ সাজু হৈছে ঢুলীয়া-নাচনী ৷ কাৰণ ব’হাগ যে অসমীয়াৰ আয়ুসৰেখা (Assam govt preparing for world record) ৷

ABOUT THE AUTHOR

...view details