Silghat Ashokashtami Mela : বনৰজাৰ আতংকৰ মাজতে শিলঘাটত চলিছে অশোকাষ্টমী মেলাৰ প্ৰস্তুতি - ব্ৰহ্মপুত্ৰৰ বুকুত স্নান
কলিয়াবৰ, 28 মাৰ্চ :কলিয়াবৰৰ শিলঘাটত শতবৰ্ষ পাৰ হোৱা অশোকাষ্টমী মেলাৰ পূৰ্ণ প্ৰস্তুতি চলিছে (Preparation for Silghat Ashokashtami Mela)৷ ইতিমধ্যে বিহাৰ, ৰাজস্থান, ঝাৰখণ্ডৰ পৰা আহিছে সাধু-সন্তসকল । 12 শতাধিক বিপনীৰে লক্ষাধিক দৰ্শনাৰ্থীক আদৰিবলৈ সাজু হৈছে শতবৰ্ষ গৰকা শিলঘাট মেলা কমিটীও । আজি অৰ্থাৎ মঙলবাৰে বিয়লিৰ পৰা অনুষ্ঠিত হৈছে নাম-প্ৰসংগ ।
জানিব পৰা মতে, পুৱতি নিশাৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত স্নান কৰিবলৈ সমাগম ঘটিব লক্ষ-লক্ষাধিক ভক্ত । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে অশোকাষ্টমী মেলাৰ আয়োজকসকলে ৷ ইতিমধ্যে সষ্টম হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসনৰ লগতে আৰক্ষী-অৰ্ধসামৰিক বাহিনী, স্বাস্থ্য বিভাগৰ লোকসকল ।
উল্লেখযোগ্য যে, সোণাৰী গাঁও কামাখ্যা মন্দিৰ সংযোগী পথচোৱাত দীৰ্ঘদিন ধৰি ঢেকীয়াপতীয়া বাঘৰ এটা পৰিয়ালে বিচৰণ কৰি আহিছে । মেলা চাবলৈ অহা লোকসকলক সেই পথচোৱাদি নাহিবলৈ অনুৰোধ জনাইছে মহকুমা প্ৰশাসনে । কিয়নো মহকুমা প্ৰশাসনে বাঘ-মানুহৰ সংঘাত ৰোধৰ বাবে সেইপথত জাৰি কৰি থৈছে 144 ধাৰা ৷
লগতে পঢ়ক :Nagaon district day : উলহ মালহেৰে উদযাপন হ’ল নগাঁও জিলা দিৱস