প্ৰথমবাৰৰ বাবে মধুপুৰত শ্ৰীশ্ৰী কৃষ্ণৰ মুকলি মহাৰাস - ৰাস পূৰ্ণিমা
Published : Nov 24, 2023, 2:28 PM IST
বিহপুৰীয়া, 24 নৱেম্বৰ :ৰাজ্যত ৰাসৰ উছাহ ৷ ৰাস বন্দনাৰে মুখৰিত অসমৰ আকাশ-বতাহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাইজে বহু স্থানত এইবাৰ প্ৰথমবাৰৰ বাবে ৰাসৰ যো-জা চলোৱা পৰিলক্ষিত হৈছে ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো ৰাস উদযাপনৰ বাবে চলিছে ব্যাপক আয়োজন । বিহপুৰীয়াত ৰাস পূৰ্ণিমাক লৈ ব্যাপক উছাহ ৷ বিহপুৰীয়াৰ বদতিৰ মধুপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে শ্ৰীশ্ৰী কৃষ্ণৰ মুকলি মহাৰাস ৷ বিহপুৰীয়াৰ বদতিৰ মধুপুৰ গাঁৱৰ যুৱক সংঘই ব্যতিক্ৰমী ৰূপত প্ৰথমবাৰলৈ ৰাসৰ আয়োজন কৰিছে ।
কংসালয় প্ৰধান ৰাসৰ বিপৰীতে আধ্যাত্মিকতাৰ মাজেৰে বিহপুৰীয়াত ব্যতিক্ৰমী ৰূপত এদিনীয়াকৈ মহাৰাসৰ প্ৰস্তুতি চলাইছে মধুপুৰ গাঁৱৰ যুৱক সমাজে । সেয়ে অহা ২৭ নৱেম্বৰত মধুপুৰ যুৱক সংঘৰ সৌজন্যত আয়োজিত শ্ৰীশ্ৰী কৃষ্ণৰ মুকলি মহাৰাসৰ বাবে আখৰাত ব্যস্ত মধুপুৰৰ ডেকা-গাভৰু, যুৱক-যুৱতীসকল ।
লগতে পঢ়ক :ৰাজ্যত ৰাস মহোৎসৱৰ জোৰদাৰ প্ৰস্তুতি; সাজুনে আপুনিও ?