অসম

assam

সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি

ETV Bharat / videos

চহৰীকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি - মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 10:41 AM IST

ডিব্ৰুগড়, 6 ডিচেম্বৰ :ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত চহৰীকটাত ১৯৭৩ চনত প্ৰতিষ্ঠা লাভ কৰা চহৰীকটা উচ্চ মাধ্যমিক বিদ্যালয়খনে ২০২৩ বৰ্ষত ৫০ বছৰ সম্পূৰ্ণ কৰাৰ লগতে উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ অসম চৰকাৰে উন্নীত কৰাৰ ফলত উক্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত এক অনন্য মাত্ৰা লাভ কৰিলে । চহৰীকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বর্ষ সামৰণি অনুষ্ঠান ৭ ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ।

ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত সম্পৰ্কে মনোজ্ঞ আলোচনা, প্ৰদর্শনী, বক্তৃতানুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান, মুকলি সভাকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে সোণালী জয়ন্তী বর্ষৰ সামৰণি অনুষ্ঠান আয়োজন কৰা হৈছে । উদ্যোক্তাই ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূর্ণ কৰি তুলিছে । উক্ত অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুকে ধৰি অসম চৰকাৰৰ বহুকেইজন কেবিনেট মন্ত্ৰী, বিধায়কৰ লগতে বহু গণ্য-মান্য ব্যক্তি ।

লগতে পঢ়ক :কাগজৰ লগত সম্পৰ্ক থাকিলেহে কিতাপৰ লগত বেছি আত্মীয়তা অনুভৱ কৰিব পৰা যায়-মন্ত্ৰী বিমল বড়া

ABOUT THE AUTHOR

...view details