অসম

assam

দৌল যাত্ৰা কাৰ্যসূচী উন্মোচন

ETV Bharat / videos

Daul Utsav Preparation: বটদ্ৰৱাত পাঁচ দিনীয়াকৈ দৌল যাত্ৰা মহোৎসৱৰ প্ৰস্তুতি

By

Published : Feb 24, 2023, 10:04 PM IST

নগাঁও, 24 ফেব্ৰুৱাৰী :জগত গুৰু শ্ৰীমন্ত শংকৰদেৱে বটদ্ৰৱাত পোন প্ৰথমবাৰৰ বাবে দৌল উৎসৱ পাতিছিল (Daul Utsav at Batadrava) ৷ সেই ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণভাৱে প্ৰতি বছৰে দৌল উৎসৱ বা ফাকুৱা বা ফাল্গু পূৰ্ণিমা তিথিত পালন কৰা হয় । বিগত বৰ্ষৰ লেখিয়াকৈ এই বছৰো 6 মাৰ্চৰ পৰা 10 মাৰ্চলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰা বাবে যুদ্ধকালীন গতিৰে প্ৰস্তুতি চলিছে (Preparation for Daul Utsav at Batadrava) ।

ইতিমধ্যে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত উৎসৱ নিয়াৰিকৈ পালন কৰিবৰ বাবে 12 খন উপ সমিতি গঠন কৰা হৈছে । শ্ৰীশ্ৰী বটদ্ৰৱা থান চৌহদত প্ৰায় 10 লক্ষাধিক ৰ্তীথ যাত্ৰীক আদৰণি জনোৱাৰ বাবে সাংস্কৃতিক অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, পানী, বিজুলী, চিকিৎসা, খাদ্য আদি সকলোবোৰ সুবিধাৰ বাবে উপ সমিতিসমূহে খৰতকীয়া গতিত কাম কৰি আছে । অহা 6 মাৰ্চত গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইক (শ্ৰীকৃষ্ণৰ মূতিভাগ) গায়ন বায়ন আৰু ভক্তসবে গাই বাই থানৰ ৰভাতলত স্থাপন কৰিব ।

স্নান কাৰ্য সম্পাদনৰ পাচত গন্ধ তেলেৰে নোৱাই গোসাঁইক নতুন বস্ত্ৰ পিন্ধোৱা হ’ব আৰু গায়ন বায়নে ‘‘ৰাম ধেমালী’’ পৰিৱেশন কৰিব । ইয়াৰ পাচদিনা অৰ্থাৎ 7 মাৰ্চ; ‘‘গোসাঁই মূৰত ফাকু দিয়া উৎসৱ’’ৰ সন্ধ্যা গোসাঁইক নোৱাই ধুৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ’ব ৷ লগতে গায়ন বায়নে ‘‘ন-ধেমালী’’ পৰিৱেশন কৰিব আৰু ভক্ত বৈষ্ণৱসকলে ফাকু নিৰ্মালী আৰু পদজল গ্ৰহণ কৰিব । উক্তদিন উৰে নিশা গোসাঁইক ৰভাতলত ৰাখি ৰাজ্য খনৰ ভিন্ন প্ৰন্তৰ পৰা অহা ভক্ত বৈষ্ণৱে নাম কীৰ্তন কৰিব ।

7 মাৰ্চৰ দিনা গোসাঁই ফুৰোৱা উৎসৱ । সেই দিনা 2 বজাত গায়ন বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই সুসজ্জিত দোলা ৰথত উঠাই দণ্ড, চক্ৰ, ভেৰু, কালি, সো-মুখ শংঙ্খৰ ধ্বনি, আইসকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নামৰ লগত বৈচিত্ৰময় অসমীয়া জাতীয় জীৱনৰ বৰ্ণিল সমাহাৰেৰে ফাকুৰ গুৰি সিচি সিচি চোঁৱৰ ধাৰীয়ে চোঁৱৰ বা দি দৌললে যাত্ৰা কৰিব ।

লগতে পঢ়ক :Traditional fish hunting festival : কুহুম ফুলা বিলত মৎস চিকাৰ উৎসৱ

ABOUT THE AUTHOR

...view details