Bol Bam festival 2023: বোল ব'ম যাত্ৰাত লগত কঢ়িয়াই নিব নোৱাৰিব নিচা জাতীয় দ্ৰব্য - নিচা জাতীয় সামগ্ৰী কঢ়িয়াব নোৱাৰিব বোল বমত
গুৱাহাটী, ৯ জুলাই:আজি দ্বিতীয় বোল ব'ম । বোল ব'মক কেন্দ্ৰ কৰি অইন বছৰৰ দৰে এইবেলিও মহানগৰীৰ বশিষ্ঠ মন্দিৰ সাজু হৈ উঠিছে ভক্তক আদৰিবলৈ । প্ৰশাসনৰ লগতে বোল ব'ম পৰিচালনা সমিতিয়ে বান্ধি দিছে কেইবাটাও নীতি নিয়ম।
এই নিয়ম অনুসৰি কোনোৱে উচ্চস্তৰৰ শব্দ যন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব । মন্দিৰ এলেকাৰ ভিতৰত কোনো ধৰণৰ নিচা জাতীয় দ্ৰব্য সেৱন কৰিব নোৱাৰিব । বশিষ্ঠ মন্দিৰৰ পৰা বশিষ্ঠ চাৰিআলি পৰ্যন্ত এই অঞ্চলত ভক্তসকলৰ বাবে কোনো লোকে কোনো ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ কৰিব নোৱাৰিব ।
আৰক্ষী প্ৰশাসনৰ লগতে পৰিচালনা সমিতিৰ স্বেচ্ছাসেৱক সকলে ভক্ত সকলে যাতে কোনো ধৰণৰ নিচা জাতীয় সামগ্ৰী কঢ়িয়াই লৈ আহিব নোৱাৰে তাৰ বাবে পৰীক্ষা কৰিব । উল্লেখযোগ্য যে বোল ব'মৰ গইনা লৈ কিছু অসাধু লোকে বিভিন্ন ধৰণৰ নিষিদ্ধ সামগ্ৰী সেৱন কৰি পৰিবেশ বিনষ্ট কৰি তোলে ।