অসম

assam

Bokakhesa Bhaona at Jamugurihat : জামুগুৰিহাটৰ পাতলৰচুক গাঁৱত ২৬৮ সংখ্যক বোকাখেছা ভাওনাৰ আয়োজন

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 3:07 PM IST

জামুগুৰিহাটৰ ২৬৮ সংখ্যক শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু বোকাখেছা ভাওনা মহোৎসৱ

চতিয়া, ৪ ছেপ্টেম্বৰ : জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰ চুক গাঁৱত অহা ৬ আৰু ৭ ছেপ্টেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ২৬৮ সংখ্যক শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু বোকাখেছা ভাওনা মহোৎসৱ ৷ এই লৈ এতিয়া ব্যস্ত হৈ পৰিছে পাতলৰচুক গাঁৱৰ প্ৰতিজন গাঁওবাসী ৷ ইফালে এই ভাওনা মহোৎসৱ উদযাপনৰ উদ্দেশ্যেৰে দেওবাৰে গাঁৱৰ নামঘৰৰ প্ৰাংগণত ৰাজহুৱা শ্ৰমদান কৰিছে গাঁওবাসীয়ে ৷

কোনোৱে যদি টমাল তুলাইছে, আন কোনোৱে আকৌ কামি চাচিছে ৷ আনকি আন কোনো জনে আকৌ ভাওনাৰ বচন আওৰাইছে ৷ মন কৰিবলগীয়া যে, গাঁওবাসী ৰাইজে পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি অহা এই ভাওনাৰ লগত বহুতো জনস্ৰোতি, প্ৰৱাদ অন্তৰ্নিহিত হৈ আছে ৷

এই ভাওনা অনুষ্ঠিত নকৰিলে নানা অপায়-অমংগলে দেখা দিয়ে বুলি বিশ্বাস কৰি আহিছে গাঁওবাসীয়ে ৷ সেয়ে প্ৰতিবছৰে ৰাইজে পালন কৰি আহিছে বোকাখেছা ভাওনা মহোৎসৱ ভাগ ৷ জানিব পৰা মতে, এই নামঘৰত আজিও সজীৱ হৈ আছে বহু আপুৰুগীয়া ঐতিহ্য বহনকাৰী সামগ্ৰী ৷

ইফালে বোকাখেচা তথা বোকা ভাওনাৰো আছে বহু ঐতিহ্য ৷ লোক বিশ্বাস অনুসৰি, এই ভাওনাৰ পংক শিৰত ল’লে মনোবাঞ্ছা পুৰণ হোৱাৰ লগতে নি-সন্তান দম্পত্তীয়ে সন্তান লাভ কৰে ৷ ইফালে সম্পূৰ্ণ দুটা দিন উপবাসে থাকি গাঁওবাসী ৰাইজে অনুষ্ঠিত কৰি অহা এই ভাওনাৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ শ শ ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ নামঘৰত শৰাই, শলিতা, নৈবদ্য আগবঢ়ায় ৷

লগতে পঢ়ক :Mahapurush MadhabDev tithi: মাধৱ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীত অগণন ভকতৰ ভিৰ

ABOUT THE AUTHOR

...view details