অসম

assam

ভোগালীক আদৰিবলৈ ব্যস্ততাৰ অন্ত নাই ডিব্ৰুগড়বাসীৰ

ETV Bharat / videos

ভোগালীক আদৰিবলৈ ব্যস্ততাৰ অন্ত নাই ডিব্ৰুগড়বাসীৰ - Bhogali Bihu 2024

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 12:31 PM IST

মৰাণ, ১৩ জানুৱাৰী:হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ এটা দিন আৰু তাৰ মাজতে এতিয়া চলিছে ভোগালীক আদৰাৰ ব্যপক প্ৰস্তুতি । হেঁপাহৰ ভোগালীক আদৰিবলৈ ব্যস্ততাৰ অন্ত নাই ডিব্ৰুগড়ৰ ৰাইজৰ । ইয়াৰ সমান্তৰালকৈ ডিব্ৰুগড়তো চহা কৃষিজীৱি ৰাইজে ভোগালী বিহু উদযাপন কৰিবলৈ সাজু হৈছে । পথাৰত নৰা কাটি গাঁৱৰ ডেকা-গাভৰু মিলি মেজি ঘৰ বনোৱাত ব্যস্ত ।  

আধুনিকতাৰ পৰশ পেলাই সকলোতে আটক ধুনীয়াকৈ সাজিছে মেজি । ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰৰ ৰাইজে বিভিন্ন আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ বাবে চলাইছে প্ৰস্তুতি । নাহৰকটীয়াৰ বাহনী গাঁৱৰ ৰাইজো পিছপৰি ৰোৱা নাই । গাওঁখনৰ সকলো লোক একত্ৰিত হৈ এইবাৰ আহোমৰ পূজা-অৰ্চনা কৰা স্থলী চাও চেং ৰেণ অৰ্থাৎ দেওঘৰৰ আকৃতি নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।  

উৰুকাৰ নিশা হাহেঁ-মাহে এসাঁজ খাবলৈ গাওঁবাসীয়ে পূৰ্ণ প্ৰস্তুতি চলোৱাৰ লগতে যুৱতী, বোৱাৰীসকলে বিহুগীত জুৰি আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে গাঁওখনত। ইয়াৰ সমান্তৰালভাৱে টিংখাঙৰ নখাটত ৰাইজে নাৱৰ আৰ্হিত সজিছে ভেলাঘৰ । আনফালে গাঁৱৰ ঘৰে ঘৰে ঢেঁকীশালত গুমগুমনি তুলি পিঠা-পনা খুন্দাত ব্যস্ত হৈ পৰিছে গাঁৱৰ জীয়ৰী-বোৱাৰীহঁত, যেন কাৰোৰে আহৰিয়েই নাই । 

লগতে পঢ়ক:মধ্যাহ্ন ভোজনৰ চাউল শৌচাগাৰৰ টেংকিত পুতি নিলম্বিত হ'ল প্ৰধান শিক্ষক

ABOUT THE AUTHOR

...view details