অসম

assam

অমৃত বৃক্ষ আন্দোলনৰ পূৰ্ণ প্ৰস্তুতি

ETV Bharat / videos

Amrit Brikshya Andolan in dhemaji:অমৃত বৃক্ষ আন্দোলনৰ পূৰ্ণ প্ৰস্তুতি ধেমাজিত - preparation for Amrit Brikshya Andolan

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 10:17 PM IST

ধেমাজি, 11 ছেপ্টেম্বৰ :অমৃত বৃক্ষ আন্দোলনৰ বাবে ধেমাজিত প্ৰস্তুতি তুংগত ৷ অংগনবাড়ী কৰ্মী-সহায়িকাসকলক দিয়া হৈছে প্ৰশিক্ষণ ৷ অমৃত বৃক্ষ আন্দোলনৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিতো জিলা প্ৰশাসন আৰু জিলা বন বিভাগৰ তৎপৰতাত গছপুলি সংগ্ৰহ আৰু জমা কৰাৰ সমান্তৰালভাৱে সোমবাৰে ধেমাজিৰ মাছখোৱাত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক গছপুলি ৰোপনৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰে মাছখোৱাস্থিত অংগনৱাড়ী প্ৰকল্পৰ বিষয়া কৰ্মীসকলে ৷

আগন্তুক ১৭ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে ৰোপণ কৰা হ’ব গছ পুলিবোৰ ৷ উল্লেখ্য যে, ধেমাজি মহাবিদ্যালয়ৰ চৌহদত ধেমাজি বন বিভাগে বিভিন্ন উৎস আৰু নাৰ্চাৰীৰ পৰা হাজাৰ হাজাৰ গছপুলি সংগ্ৰহ কৰি জমা কৰিছে ৷ এই পুলিসমূহ ধেমাজি আৰু মাছখোৱা উন্নয়নখণ্ডৰ বিভিন্ন ঠাইত ৰোপনৰ বাবে প্ৰেৰণ কৰিব তেওঁলোকে ৷

লগতে পঢ়ক :Amrit Brikshya Andolan: বিশ্ব অভিলেখৰ চেষ্টা; খানাপাৰত 23 কি.মি দৈৰ্ঘ্যৰ সৰ্পিল আকৃতিৰ গছপুলিৰ শাৰী সাজু

                   Tree Plantation in Assam: চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনৰ প্ৰতি দহ লাখৰো অধিক লোকৰ সঁহাৰি

ABOUT THE AUTHOR

...view details