অসম

assam

ETV Bharat / videos

Sankardev Sangha Conference: জোনাইত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি - 92nd Session of Srimanta Sankardev Sangha

By

Published : Jan 1, 2023, 10:51 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

জোনাইৰ চিমেন চাপৰিত ১০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনক লৈ এতিয়া চলিছে ব্যাপক প্ৰস্তুতি(92nd Session of Srimanta Sankardev Sangha) । অধিবেশনৰ প্ৰতিনিধি শিবিৰ, ভোজনালয়, মঞ্চ আদি নিৰ্মাণৰ বাবে দেওবাৰৰ পৰা আৰম্ভ হৈছে নৰা কটা পৰ্ব ৷ প্ৰায় ৩০০ বিঘা যুক্ত পৰমানন্দ আতাক্ষেত্ৰত অহা ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল ৯২ সংখ্যক অধিৱেশনৰ বাবে ব্যাপক প্ৰস্তুতি অব্যাহত আছে ৷ দেওবাৰে ধেমাজি জিলাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় তিনি সহস্ৰাধিক ভক্ত উপস্থিত হৈ অধিবেশনস্থলীৰ চৌহদত হৰিনাম গাই এক উখল মাখল পৰিবেশৰ মাজত নৰা কটাৰ লগতে শিবিৰ নিৰ্মাণেৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰে । আনহাতে প্ৰায় তিনি সহস্ৰাধিক ভক্ত বৈঞ্চৱে যুদ্ধকালীনভাৱে গৃহ নিৰ্মাণত ব্যস্ত হৈ পৰা দেখা গ'ল দেওবাৰৰ দিনটোত ।
Last Updated : Feb 3, 2023, 8:38 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details