অসম

assam

ETV Bharat / videos

Srimanta Sankardev sangha annual conference: ৬৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে সাজু যোৰহাটবাসী - ঐতিহাসিক দেউৰী পথাৰ

By

Published : Jan 30, 2023, 8:40 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

যোৰহাট, ৩০ জানুৱাৰী :উদুলি মুদুলি উত্তৰ পশ্চিম যোৰহাটৰ শুদাকৃষ্ণ যজ্ঞোৰাম বৰাৰ সমন্বয় ক্ষেত্ৰ ৷ কিয়নো ৩ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে যোৰহাটত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘ, যোৰহাট জিলা শাখাৰ ৬৮ সংখ্যক বাৰ্ষিক অধিৱেশন (Preparation for 68th Srimanta Sankardev sangha annual conference) ৷

ইতিমধ্যে অধিৱেশনৰ বাবে সাজু হৈ উঠিছে উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ আতিথ্যত শুদাকৃষ্ণ যজ্ঞোৰাম বৰা সমন্বয় ক্ষেত্ৰ, এলেংমৰা খুটিয়া পোটা চাৰিআলিৰ ঐতিহাসিক দেউৰী পথাৰ ৷ এই অধিৱেশনৰ বাবে ধাৰ্য কৰা হৈছে ২৫ লাখ টকাৰ বাজেট ৷

জানিব পৰা মতে, উক্ত অধিৱেশন স্থলীত গ্ৰন্থ উৎসৱৰ সমান্তৰালকৈ ১১ খন অংকীয়া নাটো প্ৰদৰ্শন কৰা হ’ব । অধিৱেশনখনৰ মুকলি সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰধান সম্পাদক বাবুল বৰাক উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাই "বাগীশ ৰত্ন" উপাধি প্ৰদান কৰিব । সোমবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অধিৱেশনৰ আয়োজকসকলে ৷

উল্লেখ্য যে, উত্তৰ পশ্চিম যোৰহাট এলেংমৰাৰ খুটিয়াপট্টি ঐতিহাসিক শুদাকৃষ্ণ যজ্ঞোৰাম বৰা সমন্বয় ক্ষেত্ৰ দেউৰীৰ পথাৰৰ উক্ত অঞ্চলটো দেউৰী, মিচিং, নেপালী, মটক আদি জাতি-জনগোষ্ঠীৰ মিলনৰ এক সমন্বয়ৰ স্থল ৷ সকলো জাতি-জনগোষ্ঠীয়ে শংকৰদেৱ সংঘৰ জিলা অধিৱেশনখন সাফল্য মণ্ডিত কৰি তুলিবৰ বাবে দিনে নিশাই কাম কৰি আহিছে ৷

বৰ্তমান ৯০ শতাংশ কাম ইতিমধ্যে সম্পন্ন হৈছে ৷ যিখিনি কাম বাকী থকা সেই কামখিনি সম্পূৰ্ণ কৰি তুলিবলৈ যুদ্ধংদেহী তৎপৰতাৰে কাম কৰা পৰিলক্ষিত হৈছে । অঞ্চলবাসী ৰাইজে ভকত বৈষ্ণৱ আদৰিবলৈ মহিলাসকলে বিভিন্ন ব্যঞ্জনৰ খাদ্য সম্ভাৰ প্ৰস্তুত কৰি তুলিছে । মুঠৰ ওপৰত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে উত্তৰ-পশ্চিম যোৰহাট এই বিশেষ অঞ্চলটোত ।

আনহাতে, যোৰহাট জিলা ৬৮ সংখ্যক বাৰ্ষিক অধিৱেশন  (68th Srimanta Sankardev sangha annual conference) বাবে সম্পূৰ্ণ সাজু জিলা শাখা আৰু পশ্চিম যোৰহাট শাখা সমিতি এই দৰে মন্তব্য কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ, যোৰহাট জিলা শাখাৰ সভাপতি মুকুল গগৈ আৰু সম্পাদক মুকুল বৰুৱাই ৷

লগতে পঢ়ক :Asam Sahitya Sabha Conference : লক্ষ লক্ষ সাহিত্যানুৰাগীক আদৰিবলৈ সাজু নাৰায়ণপুৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details