অসম

assam

25 ফেব্ৰুৱাৰীৰ পৰা তিৱা মহোৎসৱ

By

Published : Feb 10, 2023, 9:26 AM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / videos

Tiwa students union 34th Central Foundation Day: ২৫ ফেব্ৰুৱাৰীৰ পৰা সোণাপুৰৰ জালুকবাৰীত অনুষ্ঠিত হ'ব তিৱা মহোৎসৱ

ৰহা, 10 ফেব্ৰুৱাৰী :  তিৱা জনগোষ্ঠীক পূৰ্ণাংগ তথা শক্তিশালী জাতি ৰূপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে চলিত মাহৰ শেষৰফালে আৰম্ভ হ’ব 'তিৱা মহোৎসৱ'ৰ (Tiwa mahotsav in Raha)  ৷ কামৰূপৰ সোণাপুৰৰ জালুকবাৰীত অহা 25, 26 আৰু 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব সদৌ তিৱা ছাত্ৰ সন্থাৰ 34 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস (34th Central Foundation Day of Tiwa students union ) ৷ ইয়াৰ সমান্তৰালভাৱে সদৌ তিৱা ছাত্ৰ সন্থাই আয়োজন কৰিছে সাধাৰণ অধিৱেশনৰ লগতে 'তিৱা মহোৎসৱ'ৰ ৷ বৃহস্পতিবাৰে ৰহাত এক সংবাদমেলৰ আয়োজন কৰি এই তথ্য সদৰী কৰে সদৌ তিৱা ছাত্ৰ সন্থাই ৷ 

ৰহা প্ৰেছ ক্লাবত (Raha press club) আয়োজন কৰা সংবাদমেলত সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গই আগন্তুক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগতে 'তিৱা মহোৎসৱ'ৰ বাবে লোৱা প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে । অনুষ্ঠানটোৰ বাবে 20 লাখ টকাৰ বাজেট ধাৰ্য কৰা হৈছে বুলি উদ্যোক্তাসকলে সংবাদমেলত জানিবলৈ দিয়ে ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বৰ্ণিল কাৰ্যসূচী পতাকা উত্তোলনেৰে আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে আয়োজকসকলে  ৷ 

ইয়াৰ পিচতে বৃক্ষ ৰোপণ, প্ৰতিনিধি সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলি ছাত্ৰ সংগঠনটোৱে জানিবলৈ দিয়ে । 26 ফেব্ৰুৱাৰীত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে সম্বৰ্ধনা সভা, মুকলি সভা আদি অনুষ্ঠিত কৰা হ'ব । মুকলি সভাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপৰি বিভিন্ন সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব (Education minister Ranoj Pegu)। অন্তিম দিনা তিৱা মহোৎসৱৰ পতাকা উত্তোলনৰ কৰাৰ লগতে জনজাতীয় সাজপাৰ প্ৰদৰ্শনী অনুষ্ঠান আৰু সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব । 

প্ৰতিনিধি সভাত অসমৰ লগতে মেঘালয়ৰ পাঁচ শতাধিক তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি উপস্থিত থাকিব বুলি উদ্যোক্তসকলে জানিবলৈ দিয়ে । ইয়াৰ লগতে নগাওঁ, মৰিগাঁও, ধেমাজি, কাৰ্বি আংলং জিলাৰ তিৱা লোকসকলো অনুষ্ঠানত উপস্থিত থাকিব ৷ 27 ফেব্ৰুৱাৰীৰ নিশা সাংস্কৃতিক অনুষ্ঠানেৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস, সাধাৰণ অধিৱেশন তথা তিৱা মহোৎসৱৰ সামৰণি পৰিব ।

উল্লেখ্য যে, বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা 34 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু তিৱা মহোৎসৱখনি নিয়াৰিকৈ চলায় নিয়াৰ বাবে এখনি 51 জনীয়া অভ্যৰ্থনা সমিতি আৰু 31 জনীয়া মহোৎসৱ উদযাপন সমিতি ইতিমধ্যে গঠন কৰা হৈছে বুলি সংবাদমেলত সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :Youth assembly in Guwahati: গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে যুৱ সদন

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details