Ripun Bora on Meghalaya Election : মেঘালয়ৰ নিৰ্বাচনক লৈ যথেষ্ট আশাবাদী ৰিপুন বৰা - TMC party office inaugurate in Jorhat
যোৰহাট,২৬ ফেব্ৰুৱাৰী :২৭ ফেব্ৰুৱাৰী অৰ্থাৎ সোমবাৰে মেঘালয়ৰ বিধানসভা নিৰ্বাচন (Meghalay Election 2023)। তাৰ প্ৰাকক্ষণত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বৃহৎ ঘোষণা । মেঘালয়ত সৰ্ববৃহৎ দল হ'ব তৃণমূল কংগ্ৰেছ আৰু এই নিৰ্বাচনত তৃণমূল কংগ্ৰেছে জয়ী হৈ চৰকাৰ গঠন কৰিব (Prediction of Ripun Bora on Meghalaya elections) ।
যোৰহাটত এক সংবাদমেল এই কথা ঘোষণা কৰে তৃণমূল নেতাগৰাকীয়ে । অৱশ্যে ত্ৰিপুৰাত কৌশলগতভাৱে তৃণমূলে মাত্ৰ ২৮ খন আসনত হে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । আটাইকেইখন আসনতে প্ৰাৰ্থী প্ৰদান কৰিলে বিজেপি জয়ী হোৱাৰ আশংকা থকাৰ বাবেই তৃণমূলে বাওপন্থী দলক নিৰ্বাচনত জয়ী হোৱাৰ সুবিধা দিছে বুলি তেওঁ দাবী কৰে । মুঠতে এটাই লক্ষ্য বিজেপিক যিকোনো প্ৰকাৰে পৰাভূত কৰিব লাগে ।
অৱশ্যে ৰিপুন বৰাৰ এই আশা কিমান ফলপ্ৰসূ হয় সেয়া সময়েহে ক'ব । কিন্তু অসমতো তৃণমূল কংগ্ৰেছক শক্তিশালী কৰাৰ বাবে ৰিপুন বৰাৰ নেতৃত্বত দলটোৱে চেষ্টা অব্যাহত ৰাখিছে (TMC in Assam)। তাৰ অংশস্বৰূপে দেওবাৰে যোৰহাটত তৃণমূল কংগ্ৰেছৰ এটা কাৰ্যালয় মুকলি কৰা হয় (TMC party office inaugurate in Jorhat)। এই অনুষ্ঠানতে ১৫০ ৰো অধিক লোকে তৃণমূল কংগ্ৰেছত যোগদান কৰে ।
অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত সংবাদমেলত ৰিপুন বৰাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । বিনামূলীয়া চাউলৰ নামত ৰাইজক চৰকাৰৰ আগত ভিক্ষাৰী হ'বলৈ বাধ্য কৰোৱা বুলিও তেওঁ অভিযোগ কৰে (Ripun Bora slams BJP)। অৱশ্যে তৃণমূল কংগ্ৰেছে দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে পশ্চিমবংগৰ দৰেই অসমতো আঁচনি ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিয়ে ৰিপুন বৰাই ।
ৰিপুন বৰাৰ মতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভুৱা এনকাউণ্টাৰৰ অভিলেখ সৃষ্টি কৰাৰ বাহিৰে একোৱে কৰা নাই । আনহাতে বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফকো সমালোচনা কৰা ৰিপুন বৰাই । তেওঁৰ মতে দুয়োটা দলৰ সভাপতি ক্ৰমে ভূপেন বৰা আৰু বদৰুদ্দিন আজমলে অভিযোগ-প্ৰতি অভিযোগৰ মাজেৰে ৰাইজ আগত এখন ভাল নাটক কৰি আছে ।
লগতে পঢ়ক :MLA misbehaves people: উন্নয়নৰ নাম শুনিলেই বিধায়ক পুঁজিৰ অজুহাত দেৰগাঁও সমষ্টিৰ দুবাৰৰ অগপ বিধায়কৰ