অসম

assam

চন্দ্ৰযান ৩ৰ সফল অৱতৰণৰ বাবে প্ৰাৰ্থনা

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 1:39 PM IST

ETV Bharat / videos

Chandrayaan 3 landing: চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে খোৱাঙত ৰাইজৰ পূজা অৰ্চনা

মৰাণ, ২৩ আগষ্ট: চন্দ্ৰযান-৩ য়ে আজি সন্ধিয়া চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব । সমগ্ৰ দেশবাসীৰ লগতে বিশ্ববাসীৰো দৃষ্টি নিৱদ্ধ হৈ আছে এই চন্দ্ৰযানৰ ওপৰত । চন্দ্ৰযান-৩ য়ে যাতে সফলভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব পাৰে তাৰ বাবে দেশবাসীয়ে আশা প্ৰকাশ কৰিছে । ডিব্ৰুগড় জিলাৰ খোৱাঙতো মঙলবাৰে সন্ধিয়া সফলভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে ৰাইজে কালি মন্দিৰত ধূপ-বন্তি জ্বলাই সেৱা আগবঢ়ায় ।  

ৰাইজে সেৱা জনোৱাৰ সমান্তৰালকৈ মন্দিৰৰ পূজাৰী গৰাকীয়েও শ্লোক মাতি আৰ্শীবাদ দিয়ে চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে । উল্লেখযোগ্য যে, চন্দ্ৰযান-৩ হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা চন্দ্ৰত অনুসন্ধানৰ বাবে প্ৰস্তুত কৰা তৃতীয় চন্দ্ৰ অভিযান । পূৰ্ৱৰ অভিযানত চন্দ্ৰযান-২ সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল যদিও অন্তিম মুহূৰ্তত বিসংগতি হোৱা বাবে অৱতৰণ বিফল হৈছিল । কিন্তু এইবাৰ চন্দ্ৰযান-৩ সফল হ'ব বুলি সকলোৱে আশা কৰিছে । 

আজি চন্দ্ৰযান-৩ৰ অৱতৰণৰ দৃশ্য ছাত্ৰ-ছাত্ৰীয়ে উপভোগ কৰিবৰ বাবে দেশৰ শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে । আজি দেশৰ সকলো শিক্ষানুষ্ঠান চন্দ্ৰযান-৩ৰ অৱতৰণৰ সমযলৈকে খোলা ৰাখিবলৈ দিছে নিৰ্দেশ ।

লগতে পঢ়ক:Chandrayaan 3 landing: জোনবাইৰ দেশৰ ঐতিহাসিক মুহূৰ্তৰ বাবে অপেক্ষাৰত দেশবাসী

ABOUT THE AUTHOR

...view details