অসম

assam

হোজাইৰ পূব উদালিত বীৰ শ্বহীদৰ বন্দনা

77th Independence Day: হোজাইৰ পূব উদালিত বীৰ শ্বহীদৰ বন্দনা

By

Published : Aug 13, 2023, 12:37 PM IST

Published : Aug 13, 2023, 12:37 PM IST

হোজাই, ১৩ আগষ্ট:দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস আৰু অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আন আন জিলাৰ লগতে হোজাই জিলাতো বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে । শনিবাৰে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, হোজাইৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লাচিত দাস, লংকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৈতে লংকা উদালিৰ শ্বহীদ মনবৰ নাথৰ পৰিয়ালৰ গৃহত উপস্থিত হয় ।  

১৫ আগষ্ট স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লংকাৰ বীৰ শ্বহীদ মনৱৰ নাথক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ প্ৰয়াসেৰে পৰিয়ালৰ ওচৰত উপস্থিত হয় বিধায়ক আৰু জিলা প্ৰশাসৰ লোকসকল । বীৰ বন্দনা কাৰ্যসূচী অনুসৰি শ্বহীদ মনৱৰ নাথৰ নাতি দেৱ নাথক গামোছা, চেলেঙেৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।  

লগতে শ্বহীদ মনবৰ নাথৰ পৰিয়ালে চৰকাৰী কি কি সুবিধা-অসুবিধা পাইছে তাৰো বুজ লয় মহকুমাধিপতি গৰাকীয়ে । উল্লেখযোগ্য যে স্বাধীনতা সংগ্রামত প্রাণ আহুতি দিয়া মনবৰ নাথ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ঢেকীয়াজুলি থানাত ইংৰাজৰ হাতত শ্বহীদ হৈছিল । 

লগতে পঢ়ক:World Organ Donation Day: বিশ্ব অংগদান দিৱস উপলক্ষে গুৱাহাটীত সজাগতামূলক বাইক ৰেলী; উপস্থিত জুবলী বৰুৱা

ABOUT THE AUTHOR

...view details