অসম

assam

By

Published : Jan 30, 2023, 5:52 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / videos

Road construction works at Jonai: জোনাইত পথ উন্নীতকৰণৰ কামৰ শুভাৰম্ভ সাংসদ প্ৰদান বৰুৱাৰ

জোনাই,৩০ জানুৱাৰী: জোনাই মহকুমাৰ কুলি তিনিআলিৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাহিৰ জোনাইলৈ যোৱা পথছোৱাৰ উন্নীতকৰণৰ কামৰ শুভ উদ্বোধন (Pradan Baruah inaugurated road construction) । এই পথ নিৰ্মাণকাৰ্যৰ সোমবাৰে শুভ উদ্বোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই (road construction works at jonai) । সাংসদ প্ৰদান বৰুৱাৰ সৈতে উপস্থিত থাকে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু (Jonai MLA Bhuban Pegu) । 

এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত সোমবাৰে পুৱা প্ৰায় ১০ বজাত পথছোৱাৰ পুনৰ নিৰ্মাণৰ কামৰ শুভ উদ্বোধন কৰে সাংসদ প্ৰদান বৰুৱা তথা বিধায়ক ভুৱন পেগুৱে । উল্লেখ্য যে অসম চৰকাৰৰ দ্বাৰা অনুমোদিত আৰ আই ডি এফ আঁচনিৰ (Assam govt RIDF scheme) অধীনত কুলিগাঁৱৰ পৰা বাহিৰ জোনাইলৈ এই পথছোৱাৰ নিৰ্মাণকাৰ্য হাতত লোৱা হৈছে । 

ইফালে প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো উন্নীতকৰণ কামৰ শুভাৰম্ভ কৰি সাংসদ প্ৰদান বৰুৱাই কয় (Lakhimpur MP Pradan Baruah), "পথটিৰ উন্নীতকৰণে বৃহত্তৰ অঞ্চলবাসী ৰাইজৰ যাতায়াত প্ৰমুখ্যে শৈক্ষিক, ব্যৱসা-বাণিজ্য আদিকে কৰি দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰিব ।" তদুপৰি, তেওঁ জোনাইৰ উন্নয়নৰ বাবে আন বহুতো গুৰুত্বপূৰ্ণ আচঁনি গ্ৰহণ কৰা বুলিও মত পোষণ কৰে । 

উল্লেখ্য, যে বানে ধোৱা ৰাজ্য ধেমাজিৰ ৰাস্তা-ঘাট আদিৰ অৱস্থা তেনেই শোচনীয় । তাৰে ভিতৰত জোনাইও অন্যতম । প্ৰতি বছৰে অহা বান তথা জনপ্ৰতিনিধিসকলৰ উন্নয়ন আঁচনিৰ প্ৰতি গুৰুত্বহীনতাৰ বাবে জোনাই সমষ্টিৰ লোকসকলে দীৰ্ঘদিন ধৰি বিভিন্ন উন্নয়নমূলক কামৰ পৰা বঞ্চিত হৈ আহিছে । বিশেষকৈ ৰাস্তা-ঘাটৰ অনুন্নত অৱস্থাৰ বাবে অঞ্চলটোৱে উন্নয়নৰ দিশত গতি কৰাত বাধাগ্ৰস্ত হৈ আহিছে । শেহতীয়াভাৱে অৱশ্যে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে এই দিশত কিছু গুৰুত্ব আৰোপ কৰা দেখা গৈছে । 

লগতে পঢ়ক:Ex-husband kills wife: পূৰ্বৰ স্বামীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পত্নীক !

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details