অসম

assam

By

Published : Jul 24, 2022, 9:28 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / videos

Pork controversy at Sahitya Sabha: সাহিত্য সভাৰ বাকৰিত গাহৰি মাংসৰ ভাজি; লাগিল হুৱা-দুৱা

"সৰুৰে পৰা আমি কিছুমান খাদ্য গ্ৰহণ কৰা নাই ৷ গাহৰিটো সকলোৱে খাব পৰাকৈ ইমান ফ্ৰী হোৱা নাই ৷ মই নিজেও ব্ৰাহ্মণ হয় ৷ গাহৰিটো মোৰ কাৰণে ডাঙৰ কথা ৷ গাহৰি নোখোৱাসকলে মোক ধন্যবাদ জ্ঞাপন কৰিছেহি ৷ অসমৰ সকলো ঠাইত ছোৱাইন ফ্লু হৈ আছে ৷ গতিকে চৰকাৰী নীতি নিৰ্দেশনা পালন কৰাটো আমাৰ দায়িত্ব ৷ ভৱিষ্যতে এনেকুৱা গাহৰি মাংস থাকিব নালাগে ৷" গাহৰি বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰৱীন শৰ্মাই (Prabin Sarma on Pig controversy)৷ দেওবাৰে শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ দুপৰীয়াৰ আহাৰত গাহৰি মাংস আৰু পলুৰ ভাজিক লৈ সৃষ্টি হৈছে বিতৰ্কৰ(Pork controversy at Sahitya Sabha) ৷ একাংশই গম নোপোৱাকৈ গাহৰি মাংস পৰিৱেশন কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সাহিত্য সভাৰ বাকৰিত (Pork banned at Sahitya Sabha) ৷ যি সময়ত আফ্ৰিকান ছোৱাইন ফ্লুৰ বাবে যোৱা 15 জুলাইৰ পৰা শিৱসাগৰ জিলা প্ৰশাসনে সমগ্ৰ জিলাখনত গাহৰি মাংস কটা, কিনা-বেচা আদি সম্পূৰ্ণ নিষিদ্ধ ৰাখিছে সেই সময়তে সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাত গাহৰি পৰিৱেশন কৰা বিষয়ক লৈ হুলস্থুলৰ সৃষ্টি হয় ৷ অনাগত দিনত সাহিত্য সভাৰ বাকৰিত যাতে এনে ঘটনা পুনৰ সংঘটিত নহয় সেই বিষয়ে চকু ৰাখিবলৈ কয় শৰ্মাই ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details