অসম

assam

বিদ্যুৎ কৰ্তনে যাত্ৰীক যমৰ যাতনা ভুগাইছে মৰাণহাট ৰে’ল ষ্টেচনত

ETV Bharat / videos

Power cut issue: অন্ধকাৰময় পৰিৱেশত মমৰ পোহৰেই শেষ সম্বল এখন ৰে’ল ষ্টেচনৰ - বিদ্যুৎ কৰ্তন

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 11:45 AM IST

মৰাণ, 18 অক্টোবৰ : বিশ্বৰ ভিতৰত এটি আচৰিত ৰে'লৱে ষ্টেচনলৈ পৰিগণিত হৈছে চৰাইদেউৰ জিলাৰ মৰাণহাট ৰে'ল ষ্টেচন ৷ মমৰ পোহৰত চলিছে ৰে'ল বিভাগৰ কাম কাজ ৷ ৰে’ল ষ্টেচনটোত বিগত প্ৰায় 24 ঘণ্টাই ব্যাহত হৈ আছে বিদ্যুৎ সংযোগ, যাৰ বাবে কাৰ্যালয়ৰ কাম কাজ চলিছে মমৰ পোহৰত ৷ তাৰ পিচৰে পৰাই ষ্টেচনটোত নিশা যাত্ৰীয়ে হাহাকৰ পৰিৱেশৰ সৃষ্টি কৰে ৷

ষ্টেচনটোত প্ৰায় 24 ঘণ্টাই বিজুলী ব্যাহত থকাৰ বাবে যাত্ৰীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে  ৷ উল্লেখ্য যে, ষ্টেচনটোত কেতিয়াবা যদি বিশুদ্ধ খোৱা পানীৰ সমস্যা, কেতিয়াবা আকৌ বিদ্যুতৰ সমস্যা, যাৰ বাবে টিকট বুকিঙৰ পৰা আদি কৰি যাত্ৰীয়ে এশ এবুৰি সমস্যাৰ লগত যুঁজ কৰিবলগীয়া হৈছে ৷ ষ্টেচনটোৰ কৰ্মচাৰীয়ে কোৱা অনুসৰি তেওঁলোকে বিদ্যুৎ কৰ্তন কৰাৰ পিচতেই বিভাগকসমূহক অৱগত কৰিছিল যদিও সেই সময়লৈ বিদ্যুৎ সেৱা ব্যাহত হৈ আছে ৷

লগতে পঢ়ক :Terror alert in Brussels : সন্ত্ৰাসবাদীৰ আশংকাত বন্ধ কৰিবলগীয়া হ’ল ৰোমাঞ্চকৰ ফুটবল মেচ

ABOUT THE AUTHOR

...view details