অসম

assam

ETV Bharat / videos

Diwali 2022: দীপান্বিতাৰ বাবে ব্যস্ততা বাঢ়িছে মৃৎশিল্পীৰ মাজত - পোহৰৰ উৎসৱ দীপান্বিতা

By

Published : Oct 22, 2022, 6:57 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

আহি আছে পোহৰৰ উৎসৱ দীপান্বিতা (Diwali 2022)। দীপাৱলীৰ দিনা সকলোৰে ঘৰৰ চৌপাশ আলোকেৰে উজলাই তুলিবলৈ দিন ৰাতি একাকাৰ কৰিছে মাটিৰ খনিকৰসকলে (Pottery artists busy making Earthen Lamp) । আপোনাৰ, মোৰ ঘৰ আৰু পদুলিমুখ আলোকেৰে জিলিকাই তুলিবলৈ মৃৎ শিল্পীসকলে সাঁজি উলিয়াইছে সৰু-বৰ বিভিন্ন আকৃতিৰ মাটিৰ চাকি । ব্যস্ততা বাঢ়িছে টিংখাঙৰ ৰাজেশ পণ্ডিত নামৰ মৃৎশিল্পীজনৰ পৰিয়ালতো ৷ দিনে-নিশাই কুমাৰশালত মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত মৃৎশিল্পীৰ পৰিয়ালটো । টিংখাঙৰ মাজগাঁৱৰ এই মৃৎ উদ্যোগটোৱে বিগত প্ৰায় ৩০ বছৰে বিভিন্ন ঠাইত অন্যান্য সামগ্ৰীৰ লগতে মাটি-চাকিৰ যোগান ধৰি আহিছে । বিশেষকৈ দীপান্বিতাৰ পূৰ্বে ব্যাপক হাৰত বৃদ্ধি পাইছে ইয়াৰ চাহিদা । বংশগতভাৱে ৰাজেশ পণ্ডিত নামৰ এইজন যুৱকে চলাই আহিছে এই বৃত্তি । ইয়াত প্ৰস্তুত কৰা মাটি-চাকিসমূহ উজনি অসমৰ বিভিন্ন ঠাইত বিক্ৰী কৰা হয় । তেওঁৰ এই ক্ষুদ্ৰ উদ্যোগটোৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে বৰ্তমানে অন্য দুজন লোককো সংস্থাপন দিবলৈ সক্ষম হৈছে । এইবাৰ বতৰে কিছু বিধি-পথালি দিলেও দুটা বছৰৰ ক’ভিড সৃষ্ট পৰিৱেশৰ পাচত কিছু পৰিমাণে হ’লেও এইসকল মৃৎশিল্পীৰ মুখত হাঁহি বিৰিঙি উঠা দেখিবলৈ পোৱা গৈছে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details