Pottery industry in Assam: ৰং-বিৰঙী লাইটে সমস্যাত পেলাইছে মৃৎ শিল্পীসকলক
Published : Nov 7, 2023, 1:46 PM IST
বৰপেটা ৰোড, 7 নৱেম্বৰ:সমাগত পোহৰৰ উৎসৱ দিপাৱলী ৷ ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰ ৷ বৰপেটাৰোডৰ বাঁহবাৰীৰ পালপাৰাৰ মৃৎ শিল্পীসকল দিনে-নিশাই ব্যস্ত হৈ পৰিছে মাটিৰ চাকি প্ৰস্তুত কৰিবলৈ । পালপাৰাৰ কুমাৰসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মাটিৰ চাকিসমূহ ৷ কিন্তু বজাৰত উপলব্ধ ৰং-বিৰঙী চাইনিজ ইলেক্ট্ৰ’নিক সামগ্ৰীৰ বাবে কুমাৰে প্ৰস্তুত কৰা মাটিৰ চাকিৰ সমাদৰ কমি গৈছে বুলি জনায় মৃৎ শিল্পীসকলে ৷
ফলত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে মৃৎ শিল্পীসকল ৷ পৰিয়াল পোহপালৰ ক্ষেত্ৰতো সমস্যই দেখা দিছে ৷ বিগত প্ৰায় এশ বছৰ ধৰি বৰপেটাৰোডৰ গুৱাগাছা-বাঁহাবাৰীৰ প্ৰায় 40 টা পৰিয়ালে মৃৎ শিল্পৰ কাম কৰি আছে যদিও চৰকাৰে এই মৃৎ শিল্পীসকলৰ কল্যাণাৰ্থে কোনোধৰণৰ পদক্ষেপ লোৱা নাই বুলি পালপাৰাৰ মৃৎ শিল্পীসকলে জানিবলৈ দিয়ে ৷ সেয়ে মৃৎ শিল্পীসকলৰ প্ৰতি চৰকাৰৰ সু-দৃষ্টি দিবলৈ দাবী জনাইছে মৃৎ শিল্পীসকলে ৷