অসম

assam

তিনিচুকীয়াৰ কুমাৰপট্টীত দীপাৱলীৰ উছাহ

ETV Bharat / videos

Diwali in Tinsukia: দীপাৱলী আহিলেই হাঁহি বিৰিঙে তিনিচুকীয়াৰ কুমাৰপট্টীৰ লোকসকলৰ মুখত - কুমাৰপট্টী দীপাৱলী

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 7:56 PM IST

তিনিচুকীয়া, ১২ নৱেম্বৰ : আজি পোহৰৰ উৎসৱ দীপাৱলী ৷ পোহৰৰ উৎসৱ দীপাৱলী আহিলেই তিনিচুকীয়াৰ এটা অঞ্চলৰ লোকসকলৰ মুখত হাঁহি বিৰিঙে৷ কিয়নো উক্ত অঞ্চলটোৰ লোকসকল জড়িত তেনে কৰ্মত ৷ অঞ্চলটোৰ নাম হৈ কুমাৰপট্টী ৷

তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথৰ কাষতে আছে কুমাৰপট্টী ৷ স্বাধীনোত্তৰ কালৰ পৰাই মাটিৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি জীৱন নিৰ্বাহ কৰা লোকৰ বসতি প্ৰধান ঠাইখিনৰ নামাকৰণ কৰে কুমাৰপট্টী হিচাবে আৰু সেই তাহানিৰে পৰাই বৰ্তমান পৰ্যন্ত নিজৰ বৃত্তিক ধৰি ৰাখিছে কুমাৰপট্টীৰ বাসিন্দাসকলে ৷

অঞ্চলটোৰ বহু যুৱক-যুৱতী আন-আন দিশত আগবাঢ়ি গৈছে যদিও বৰ্তমানো জীয়াই ৰাখি প্ৰস্তুত কৰি আহিছে মাটিৰে নিৰ্মিত সা-সামগ্ৰী ৷ গতিকে পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে এতিয়া কুমাৰপট্টীত ভিৰ কৰিছেহি অগণন লোকে ৷ বিভিন্নধৰণৰ ৰঙীন চাকিৰ লগতে চাকি-বন্তিৰ সৈতে জড়িত সামগ্ৰী ক্ৰয়ৰ বাবে পুৱাৰে ভিৰ দেখা গৈছে কুমাৰপট্টিত ৷

লগতে পঢ়ক :Biggest rangoli of PM Modi: দীপাৱলীৰ ৰংগোলীত পদুম ফুলৰ মাজত জিলিকিল প্ৰধানমন্ত্ৰী মোদী

ABOUT THE AUTHOR

...view details