অসম

assam

By

Published : Oct 22, 2022, 3:56 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / videos

Diwali 2022 : দিপাৱলী উপলক্ষে মাটিৰ চাকি নিৰ্মাণত ব্যস্ত টীয়কৰ মৃৎ শিল্পীসকল

পোহৰৰ উৎসৱ দেৱালীলৈ মাজত মাথো দুটা দিন (Diwali 2022) । সেয়ে ব্যস্ততা বাঢ়িছে মৃৎ শিল্পী সকলৰ মাজত (Diwali preparation at Teok) । ব্যতিক্ৰম নহয় টীয়কৰ দুনৈমুখ কুমাৰ গাঁৱৰ মৃৎ শিল্পীসকল (Pottery art at Teok) । গাঁওখনৰ শিল্পীসকল এতিয়া ঘৰে ঘৰে ব্যস্ত মাটিৰ চাকি নিৰ্মাণত (Potters are busy for Diwali at Teok) । পৰিতাপৰ বিষয় এয়ে যে টীয়কৰ এইসকল মৃৎ শিল্পীয়ে অনেক সমস্যা আৰু প্ৰত্যাহ্বানৰ মাজত শিল্পটো জীয়াই ৰাখিবলগা হৈছে (Pottery artist of Teok) ৷ কিয়নো কোনোমতে পৰিয়াল পোহপাল দি থকা এই মৃৎ শিল্পীসকললৈ আজি পৰ্যন্ত নাপালে কোনো চৰকাৰী সাহায্য ৷ যাৰ ফলত দৈনিক হৈ অহা নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ মাজত পৰিয়াল পোহপাল দিবলৈ যথেষ্ট অসুবিধাত পৰিছে এইসকল মৃৎশিল্পী । পৰিয়ালক পোহপাল দিয়াৰ ক্ষেত্ৰত অপাৰগ এইসকল মৃৎশিল্পীয়ে চৰকাৰক এক উচিত পদক্ষেপ গ্ৰহণ কৰি মৃৎ শিল্পটোক জীয়াই ৰখাৰ স্বাৰ্থত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details