অসম

assam

মৰাণৰ শেনচোৱা পুখুৰী-শিলপুতা সংযোগী পথ মৰণফাণ্ডলৈ পৰিণত

ETV Bharat / videos

Poor Road in Moran:মৰাণৰ শেনচোৱা পুখুৰী-শিলপুতা সংযোগী পথ মৰণফান্দলৈ পৰিণত - বিধায়ক চক্ৰধৰ গগৈ

By

Published : Jul 10, 2023, 4:04 PM IST

ডিব্ৰুগড়,10 জুলাই: মৰণফান্দত পৰিণত হৈছে এটা ৰাজপথ ৷ মৰাণৰ শেনচোৱা পুখুৰীত পথ মেৰামতিত কৰা নিম্নমানৰ কামৰ ফল ভুগিছে ৰাইজে ৷ মৰাণৰ শেনচোৱা-নাহৰণি পথটোৰ শেনচোৱা পুখুৰী আৰু শিলপুতা সংযোগস্থলীত পথৰ অৱস্থা এতিয়া তথৈবচ ৷ একাঠুলৈকে বোকা হয় পথচোৱাত  ৷ পথ নে পথাৰ ধৰিব নোৱাৰা অৱস্থা ৷ গাড়ী-মটৰ দূৰৰ কথা সেই পথেৰে খোজকাঢ়িও যাব নোৱাৰা এক অৱস্থা ৷

আনহাতে তিনি বছৰৰ পূৰ্বে নিৰ্মাণ কৰা কোটি টকীয়া পকী পথত এতিয়া পুখুৰী সদৃশ গাঁ‌তৰ সৃষ্টি হৈছে ৷ ৰাইজৰ অভিযাগ অনুসৰি প্ৰায় তিনি বছৰ পূৰ্বে ঠিকাদাৰ নিখিলেশ গগৈয়ে নিৰ্মাণ কৰিছিল পথচোৱা ৷ পথটো নিৰ্মাণৰ তিনি মাহৰ পিছৰে পৰা ব্লেক টেপিং ভাগিবলৈ ধৰিলে। কিন্তু ঠিকাদাৰে পথটো পুনৰ মেৰামতিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ ফলত জৰাজীৰ্ণ হৈ পৰা পথটোৱে এতিয়া যমৰ যাতনা ভোগাইছে ৰাইজক। মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়েও পথটোৰ মেৰামতিৰ ক্ষেত্ৰত হোৱা অনিয়ম সন্দৰ্ভত গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ।

লগতে পঢ়ক:Gothia Cup: ছুইডেনৰ খেলপথাৰত উজলিব ডিব্ৰুগড়ৰ নয়ন কোঁৱৰ

ABOUT THE AUTHOR

...view details