Jania Road: জল জীৱনে দুৰ্গম কৰিলে জন জীৱন !
জনিয়া, 8 আগষ্ট:জল জীৱন আঁচনিৰ বাবে জীৱন সৰ্বনাশ হৈছে ৰাইজৰ ৷ জল জীৱন আঁচনিৰ পাইপ পুটিবলৈ ৰাজপথ খান্দি অৱস্থা নোহোৱা কৰিলে ঠিকাদাৰে ৷ ফলত পথচাৰীৰ বাবে চৰম ভাবুকি হৈ পৰিছে জনিয়াৰ এটা পথ ৷ আমি কয় থকা পথচোৱা আছে জনিয়াৰ বাংলীপাৰা গাঁৱত ৷ জল জীৱন মিছনৰ আঁচনিৰ কাম কৰিবলৈ খন্দা গাঁতৰ কাৰণে মৰণফান্দত পৰিণত হৈছে পথচোৱা ৷
জনিয়া বাংলীপাৰা চকৰ পৰা পূব বাংলীপাৰা হৈ মনাহাতী লৈ যোৱা পথছোৱা এজাক বৰষুণতে হৈ পৰে কদৰ্যময় ৷ প্ৰতিদিনে হাজাৰ হাজাৰ লোকে অহা যোৱা কৰা পথচোৱা পথাৰ সদৃশ্য হৈ পৰে ৷ ফলত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলে হাতত জোতা-চেণ্ডেল লৈ যাব লগীয়া হয় বিদ্যালয়লৈ । এই ক্ষেত্ৰত জল জীৱন মিছনৰ কাম কৰা ঠিকাদাৰৰ গাফিলতিৰ বাবে ৰাইজে দুৰ্ভোগ ভুগিছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ।
লগতে পঢ়ক:PMAY Scam : প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ লাভৰ পৰা বঞ্চিত 128, অভিযোগৰ আঙুলি খণ্ড উন্নয়ন বিষয়ালৈ