মন্ত্ৰী বিমল বড়াৰ সমষ্টিৰ এটা পথে জলা-কলা খুৱাইছে ৰাইজক - টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰা
Published : Nov 24, 2023, 2:18 PM IST
ডিব্ৰুগড়, 24 নৱেম্বৰ :ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এটা পথে জলা-কলা খুৱাইছে ৰাইজক । টিংখাঙৰ দিচাং নদীৰ কাষেৰে যোৱা বৰবাম-নামৰূপ সংযোগী পথটো আজি কেইবাটাও বছৰ ধৰি কোনো ধৰণৰ মেৰামতি নকৰাত অতিষ্ঠ হৈ পৰিছে অঞ্চলবাসী । নিতৌ শ শ মানুহে যাতায়ত কৰা এই মূল পথটোৰ দুৰৱস্থাই বাৰিষা কালত ৰাইজক যমৰ যাতনা ভুগিব লগাত পৰিছে ।
বিশেষকৈ দিল্লীবাৰী তিনিআলিৰ বুধবৰীয়া বজাৰৰ সমীপত দিচাং নদীৰ গৰাখহনীয়াই পথটোক প্ৰায় ভাঙি পেলোৱাত এটা দ' খাল হৈ পৰিছে । যাৰ ফলত গাড়ী-মটৰ পাৰ হ'ব হোৱাৰ ক্ষেত্ৰত ৰাইজে প্ৰতিদিনেই সমস্যাৰ সন্মুখীন হৈ আহিছে । উল্লেখ্য যে, 2020-21 বৰ্ষতে টিংখাং মাহমৰাৰ পথটো সম্প্ৰসাৰণৰ কামৰ আধাৰশিলা স্থাপন কৰা হৈছিল । সেই সময়ৰ অসম চৰকাৰৰ বিত্ত, লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী তথা এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পথ সম্প্ৰসাৰণ কামৰ আধাৰশিলা স্থাপন কৰিছিল ৷ কিন্তু আজিও পথচোৱা নিৰ্মাণহে নহ’ল ।
যাৰ বাবে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ বিৰুদ্ধে ক্ষুভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । সেয়ে শীঘ্ৰে পথটোৰ কাম আৰম্ভ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকৰ লগতে দল-সংগঠনে ।
লগতে পঢ়ক:আজিও অৱেহলিত অসমীয়াৰ স্বাভিমান লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি