অসম

assam

2024 ৰ নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণৰ আশ্বাস

ETV Bharat / videos

Poor road condition: 2024 ৰ নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণৰ আশ্বাস, এতিয়া ভূঁই ৰুব পৰা বোকা

By

Published : Jul 18, 2023, 5:11 PM IST

কলিয়াবৰ, 18 জুলাই : এফালে ৰাজ্যত উন্নয়নৰ ঢাক ঢোল, আনফালে পথৰ দুৰৱস্থা ৷ খোদ স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিতেই পথাৰ সদৃশ পথে জ্বলা-কলা খুৱাইছে জনসাধাৰণক ৷ যোৱা 20 বছৰ ধৰি পথছোৱাৰ একেই অৱস্থা ৷ এজাক বৰষুণতেই বোকাময় হৈ পৰে পথটো ৷ ফলত যাতায়তৰ ক্ষেত্ৰত আহুকালত পৰিছে গঞা ৷ এই দৃশ্য কলিয়াবৰৰ উলুৱনি গাঁৱৰ ৷ 

পথছোৱাৰ এই দুৰৱস্থাৰ কথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক লিখিতভাৱে অৱগত কৰাৰ পিচতে তেওঁ গাঁওবাসীক 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে পথটোৰ নিৰ্মাণৰ আশ্বাস দিছিল ৷ এই কথাতে গাঁওখনৰ পঞ্চায়তৰ সভাপতিৰ লগতে বিষয়ববীয়াসকলেও হয়ভৰ দি আজি পৰ্যন্ত পথছোৱাৰ নিৰ্মাণৰ কোনো প্ৰসংগ উত্থাপন কৰা নাই ৷ উপায়ন্তৰ হৈ মঙলবাৰে পথৰ ওপৰতে ভূঁই ৰুই ক্ষোভ উজাৰিছে উলুৱনিৰ ভুক্তভোগী ৰাইজে ৷

এতিয়া অতি শীঘ্ৰে এই ব্যস্ত পথছোৱা মেৰামতিৰ দাবী তোলাৰ লগতে সুচল যাতায়ত ব্যৱস্থা কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷ 

লগতে পঢ়ক:Erosion in Assam: নলবাৰীৰ লাৰকুছিত মথাউৰিত তীব্ৰ খহনীয়া

ABOUT THE AUTHOR

...view details