অসম

assam

মাণিকপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত উৰণীয়া সেঁতু

ETV Bharat / videos

Dilapidated road in Manikpur: উৰণীয়া সেঁতু নিৰ্মাণকাৰী সংস্থাৰ বাবে মাণিকপুৰত কৃত্ৰিম বান

By

Published : Jun 17, 2023, 5:56 PM IST

মাণিকপুৰ, ১৭ জুন:বঙাইগাঁও জিলাৰ মাণিকপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত উৰণীয়া সেঁতুৰ কামে জ্বলা কলা খুৱাইছে বৰবিলা গাঁওবাসীক । উৰণীয়া সেঁতু নিৰ্মাণকাৰী সংস্থাই বিসংগতিপূৰ্ণভাৱে কাম কৰাৰ ফলত ৰাইজে যমৰ যাতনা ভুগিবলগীয়া হৈছে ।

যান-বাহনৰ চলাচলতো ব্য়াঘাত জন্মিছে । ঘাইপথৰ পূৱপাৰৰ বাসিন্দাসকলে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে । ছাৰ্ভিছ ৰোডৰ কাষেৰে পকী নলা বনোৱাৰ নামত পৰিকল্পনা বিহীনভাৱে মাটি খন্দাত পকী ঘৰৰ দেৱাল, বেৰ আদি খহি পৰাৰ উপক্ৰম হৈছে । ঘৰৰ পদুলিৰ আগেদি নলা নিৰ্মাণ কৰাত পদুলি মুখত একাঠু পানী জমা হৈ সৃষ্টি হৈছে কৃত্ৰিম বানৰ ।  

ফলত গাঁওবাসীয়ে যমৰ যাতনা ভুগিবলগীয়া হোৱাত অনতি পলমে যাতায়তৰ বাবে সুচল কৰি দিবলৈ নিৰ্মাণ সংস্থাক দাবী জনাইছে । তদুপৰি গাঁওবাসীয়ে ইপাৰ-সিপাৰ কৰাৰ বাবে সুৰংগ পথ নিৰ্মাণ কৰিবলৈ জিলা উপায়ুক্তৰ জৰিয়তে নিৰ্মাণ সংস্থাক দাবী জনাইছে ।  

লগতে পঢ়ক:Allegations of bribery : শিৱসাগৰত অইলত চাকৰি দিয়াৰ নামত নিবনুৱাক প্ৰৱঞ্চনাৰ অভিযোগ দুই বিজেপি নেত্ৰীৰ বিৰুদ্ধে

ABOUT THE AUTHOR

...view details