অসম

assam

জনীয়া আৰু সৰভোগ সমষ্টিৰ সীমামূৰীয়া অঞ্চলৰ জৰাজীৰ্ণ পথ

ETV Bharat / videos

জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক - জৰাজীৰ্ণ পথ

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 1:19 PM IST

জনীয়া, 9 ডিচেম্বৰ: বৰপেটা জিলাৰ জনীয়া আৰু সৰভোগ সমষ্টিৰ সীমামূৰীয়া অঞ্চলৰ ৰহা-ৰূপসী-চকচকা গড়কাপ্তানী পথটোৱে জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণক। কলগাছিয়াৰ পৰা সৰভোগলৈ যোৱা পথটোৱে বৰ্তমানেও দেখিবলৈ সক্ষম হোৱা নাই উন্নয়নৰ মুখ । স্বাধীনতাৰ 76 বছৰ অতিক্ৰম কৰাৰ পিছতো উন্নয়নৰ নুন্যতম প্ৰভাৱো পৰা নাই জনীয়া আৰু সৰভোগ সমষ্টিৰ সীমান্তৱৰ্তী এলেকাবোৰত। 

উল্লেখ্য যে, ৰহা-ৰূপসী-মাদুলীঝাৰ-চকচকা গাঁৱৰ মাজেৰে পাৰ হৈ সৰভোগলৈ যোৱা পথটোৱেদি দৈনিক অহা-যোৱা কৰে হাজাৰ হাজাৰ বাহন । ৰাস্তাটো প্ৰয়োজনীয়ভাৱে মেৰামতি নকৰাৰ ফলত সঘনাই উক্ত স্থানডোখৰত সংঘটিত হৈ আহিছে সৰু-বৰ দুৰ্ঘটনা । দুৰ্ভাগ্যজনক বিষয় যে, জনীয়া সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা ড০ হাফিজ ৰফিকুল ইছলাম, সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু পূৰ্বৰ তিনিবাৰৰ বিধায়ক তথা বৰ্তমানৰ বৰপেটাৰ সাংসদ আব্দুল খালেকেও এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াত জনসাধাৰণ ক্ষোভিত হৈ পৰিছে। 

লগতে পঢ়ক:কৰৰ বোজাত ভাৰাক্ৰান্ত; ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে জনগণ

ABOUT THE AUTHOR

...view details