আজিও অৱেহলিত অসমীয়াৰ স্বাভিমান লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি
Published : Nov 24, 2023, 11:57 AM IST
|Updated : Nov 24, 2023, 12:49 PM IST
যোৰহাট, 24 নৱেম্বৰ :24 নৱেম্বৰ, আজি লাচিত দিৱস । অসমৰ ইতিহাসৰ বীৰ আৰু সাহসৰ তথা অসমীয়াৰ স্বাভিমানৰ প্ৰতীক লাচিত বৰফুকনৰ আজি জন্মবাৰ্ষিকী । অসম বুৰঞ্জীত মহানায়ক লাচিত বৰফুকনৰ আছে এক সোণালী আৰু গৌৰৱময় অধ্যায় ৷ আজিৰ এই পবিত্ৰ ক্ষণত ৰাজ্যজুৰি স্মৰণ কৰিছে মহাবীৰগৰাকীক । কিন্তু তাৰ মাজতে বীৰগৰাকীক অৱহেলিত আৰু অনাদৃত কৰা দেখিবলৈ পোৱা গৈছে ।
বিশেষকৈ যোৰহাট জেহিৰুদ্দিন আহমেদ পথৰ দাঁতি তথা ৰাজমাও পুখুৰী দাঁতিত থকা মহাবীৰ লাচিত বৰফুকনৰ আবক্ষ মূৰ্তিটো হাবি-জংঘলৰ মাজত পৰিত্যক্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ কাৰণ মহাবীৰ লাচিত বৰফুকনৰ আবক্ষ মূৰ্তি বিকৃত ৰূপত উপস্থাপন কৰাৰ বাবে জিলা প্ৰশাসনে ঢাকি পেলাইছিল ৷ কিন্তু কালক্ৰমত পুনৰ মুক্ত হৈ পৰিছিল মূৰ্তিটো । এই বিকৃত আবক্ষ মূৰ্তিটো আজিকোপতি এই স্থানৰ পৰা আঁতৰাবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৰজাঘৰে । এই অভিযোগ স্থানীয় ৰাইজৰ ৷
লাচিত দিৱসৰ দিনাই অৱহেলিত আৰু অনাদৃত হৈ পৰি ৰৈছে লাচিত বৰফুকনৰ এই আবক্ষ মূৰ্তিটো । যাক লৈ বিভিন্ন মহলৰ মাজত উদ্ৰেগ ঘটিছে বহু প্ৰশ্নৰ ৷
লগতে পঢ়ক :হোলোঙাপাৰস্থিত বীৰ লাচিত মৈদামত লাচিত দিৱস উদযাপন