Hojai civil hospital : চিকিৎসালয়ত ডাক্তৰ আছে কিন্তু পৰ্যাপ্ত সুবিধাহে নাই
নৱ গঠিত হোজাই জিলাৰ জোৰা পুখুৰীস্থিত ২০০ খন বিচনাযুক্ত জিলা অসামৰিক চিকিৎসালয়ত ৰোগীৰ বাবে নাই পৰ্যাপ্ত সা-সুবিধা ৷ অস্ত্ৰোপচাৰৰ বাবে ৰোগীক নিবলগীয়া হয় আন চিকিৎসালয়লৈ (Poor condition of Hojai civil hospital) ৷ সংবাদ মাধ্যমৰ আগত এই কথা স্বীকাৰ কৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকগৰাকীয়ে ৷ উল্লেখ যে, দুটা বছৰ পূৰ্বেই হোজাই জিলাৰ অসামৰিক চিকিৎসালয়খন মুকলি কৰা হৈছিল (Hojai civil hospital) ৷ লগতে নিয়োগ কৰা হৈছিল ডাক্তৰ আৰু কৰ্মচাৰীও ৷ কিন্তু ইমানৰ পাচতো এই চিকিৎসালয়খনত বৰ্তমানলৈকে নাই প্ৰয়োজনীয় সা-সৰঞ্জাম ৷ অইনহে নালাগে, প্ৰসূতি মাতৃৰ বাবেও নাই কোনো বিশেষ সুবিধা ৷ সেয়ে শীঘ্ৰে চৰকাৰক এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST