অসম

assam

জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 4:47 PM IST

ETV Bharat / videos

Poor condition of bridge: জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক

বঙাইগাঁও,১২ অক্টোবৰ: বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মানিকপুৰ আওলাগুৰী সংযোগী পথৰ বেছিমাৰী-কাহিবাৰী চান্দামাৰীস্থিত কাঠৰ দলং পকীকৰণৰ দাবী ৰাইজৰ । এই পথৰ ওপৰেদি পঞ্চাশখনৰো অধিক গাঁৱৰ ৰাইজে দৈনিক অহা-যোৱা কৰে । শিক্ষা অনুষ্ঠানৰ কেন্দ্ৰস্থল মাণিকপুৰলৈ হাজাৰ হাজাৰ যান-বাহনৰ পৰা আৰম্ভ কৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অহা-যোৱা কৰে ।  

এই জৰাজীৰ্ণ কাঠৰ দলঙৰ পৰা পৰি ইতিমধ্যে দুজনকৈ ব্যক্তিয়ে অকাল মৃত্যুক সাৱটি লৈছে । বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে আবেদন নিবেদন কৰি থকাৰ পাছতো কোনো আশাৰ ৰেঙনি দেখিবলৈ পোৱা নাই অঞ্চলটোৰ ৰাইজে । কিছুদিন পূৰ্বে বঙাইগাঁও জিলাৰ পাৰেয়াপাৰা গাঁৱৰ গোবিন্দ দাস নামৰ এজন ঠিকাদাৰৰ জৰিয়তে মেৰামতি কৰাইছিল যদিও দুমাহ নৌহওতেই পুনৰ যাতায়তৰ বাবে অনুপযোগী হৈ পৰে । নিম্নমানৰ কাঠেৰে মেৰামতি কৰাত গোৱিন্দ দাসৰ বিৰুদ্ধে ৰাইজে ক্ষোভিত হৈ গোৱিন্দ দাস মুৰ্দাবাদ, অতিশীঘ্ৰে দলং পুনৰ মেৰামতি কৰক আৰু পকী দলঙৰ ব্যৱস্থা কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।  

লগতে পঢ়ক:ডিব্ৰুগড়ৰ মোহনাঘাটত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন লুৰীণজ্যোতি গগৈৰ

ABOUT THE AUTHOR

...view details