Pollution Free Bus: শীঘ্ৰে গুৱাহাটীত উপলব্ধ হ’ব প্ৰদূষণমুক্ত বাছ - চিএনজি ষ্টাৰ বাছ
অচিৰেই গুৱাহাটী মহানগৰীত উপলদ্ধ হ’ব চিএনজি (Compressed Natural Gas) যাত্ৰীবাহী বাছ সেৱা । পেট্ৰ’ল, ডিজেল অবিহনে অৰ্থাৎ গেছৰ সহায়ত চলিব এই চিএনজি বাহনসমূহ । অত্যাধুনিক টেকন’লজী সমৃদ্ধ এই বাহন প্ৰদূষণমুক্ত হোৱাৰ লগতে থাকিব শীত-তাপ নিয়ন্ত্ৰণ ব্যৱস্থাপনাও । লগতে উপলব্ধ থাকিব CCTV ৰ সেৱাও । ইয়াৰ সমান্তৰালকৈ যাত্ৰীৰ সুৰক্ষাৰ বাবে থাকিব কেতবোৰ সা-সুবিধা । ইতিমধ্যে অসম চৰকাৰে ASTC ৰ পুৰণি বাছসমূহৰ পৰিৱৰ্তে উন্নতমানৰ চিএনজি ষ্টাৰ বাছ (CNG star Bus) প্ৰচলনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি, সদ্যহতে বহিঃৰাজ্যৰ পৰা ইতিমধ্যে আমদানি কৰা হৈছে ১০০ খন চিএনজি ষ্টাৰ বাছ । বৰ্তমান এই বাছসমূহ চাংসাৰিত পাৰ্কিঙত থোৱা হৈছে ।
Last Updated : Feb 3, 2023, 8:34 PM IST