অসম

assam

কাৰ্টনে কাৰ্টনে বিলাতী সুৰা জব্দ আৰক্ষীৰ

ETV Bharat / videos

Illegal spurious liquor : কাৰ্টনে কাৰ্টনে বিলাতী সুৰা জব্দ আৰক্ষীৰ - কঠোৰ অভিযান

By

Published : Feb 23, 2023, 9:37 PM IST

নগাঁও, 23 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ চোৰাং বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই অহাৰ পিচতো গা লৰা নাই একাংশ অপৰাধীৰ ৷ আৰক্ষী চকুত ধূলি চটিয়াই ন ন কৌশল অৱলবম্বন কৰি অপৰাধীয়ে চোৰাং বেহা অব্যাহত ৰাখিছে ৷ এইবাৰ নগাঁও আৰক্ষীৰ জালত পৰিল বিলাতী সুৰা ভৰ্তি ট্ৰাকৰ লগতে দুধৰ্ষ ট্ৰাক চোৰ (Police seized Illegal spurious liquor) ৷  

ঘটনা অনুসৰি যোৱা 15 ফেব্ৰুৱাৰীত নগাঁৱৰ বৰঘাট বাইপাছ চকৰ পৰা ১৪০০ কাৰ্টন বিলাতী সুৰা ভৰ্তি এখন সন্ধানহীন হৈছিল (Truck missing from Nagaon) ৷ আৰক্ষীয়ে এই খবৰ পোৱাৰে পিচৰ পৰা ট্ৰাকখনৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছিল ৷  

অৱশেষত নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত এটা আৰক্ষী দলে দৰং, শোণিতপুৰ আৰু বৰপেটা জিলাত অভিযান চলাই বৃহস্পতিবাৰে সন্ধানহীন ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে আৰক্ষীয়ে ট্ৰাকখন চুৰি কৰি নিয়া 5 টা চোৰকো আটক কৰিবলৈ সক্ষম হয় (5 thieves arrested)৷ আটকাধীন লোকৰ চাৰিটা আবু বক্কৰ ছিদ্দিক, মফিজ আলী, আবু আলী আৰু ৰাজু আলী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ইয়াৰে ৰাজু আলী ট্ৰাকখনৰ হেণ্ডিমেন বুলি জানিব পৰা গৈছে ৷

আৰক্ষীৰ জেৰাত চোৰকেইটাই কয় যে, হজৰৎ আলীয়েই হৈছে এই সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড ৷ আৰক্ষীক ৰাজু আলীয়ে জানিবলৈ দিয়া অনুসৰি ঘটনাৰ দিনা অৰ্থাৎ যোৱা 15 ফেব্ৰুৱাৰীত মেঘালয়ৰ বৰ্ণিহাটৰ পৰা নগাঁৱলৈ সুৰাভৰ্তি ট্ৰাক লৈ হজৰৎ আলী আৰু ৰাজু আলী ৰাওনা হৈছিল ৷ পিচে হঠাৎ বৰঘাট বাইপাছ পোৱাৰ পিচতে ৰাজু আৰু হজৰতে ১৪০০ কাৰ্টন সুৰাভৰ্তি ট্ৰাকসহ প্ৰথমে তেজপুৰলৈ ৰাওনা হয় ৷ তাৰ পিচত দুয়োটাই দৰং জিলাৰ খাৰুপেটীয়াৰ ওচৰৰ এক স্থানত ট্ৰাকখন লুকুৱাই থয় ৷ আৰক্ষীৰ চকুত ধূলি দিবলৈ চোৰৰ দলটোৱে গাড়ীৰ জিপিএছ বিকল কৰি লৈছিল ৷  

সম্পৰতি এই ঘটনাৰ লগত জড়িত আন অপৰাধীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ বাতৰি প্ৰচাৰ কৰা সময়লৈ হজৰত আলীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই (One accused absconding) ৷ 

লগতে পঢ়ক:Tiger Terror at Kaliabor : ঢেঁকীয়াপতীয়াৰ ত্ৰাসত ত্ৰস্তমান কলিয়াবৰবাসী

ABOUT THE AUTHOR

...view details