Yaba Tablets seized : অসমৰ পৰা আগৰতলালৈ সৰবৰাহৰ সময়তে জব্দ কোটি টকাৰ য়াবা টেবলেট - জব্দ হ’ল কোটি টকাৰ য়াবা টেবলেট
কৰিমগঞ্জ, 7 মে’ : উত্তৰ ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তীৰ নেতৃত্বত শুকুৰবাৰে আৰক্ষীয়ে চলায় এক অভিযান ৷ গোপন সূত্ৰৰ ভিত্তিত লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলায় এই অভিযান ৷ 6 মে’ অৰ্থাৎ শনিবাৰৰ পুৱা চলোৱা অভিযানত কেইবাখনো গাড়ীৰ ব’ডীৰ তলৰ পেট্ৰ’ল টেংকিৰ কাষৰ পৰা আৰক্ষীয়ে য়াবা টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অসমৰ পৰা আগৰতলালৈ কঢ়িয়াই অনা হৈছিল য়াবা টেবলেটখিনি (Yaba Tablets seized in Tripura) ৷
আৰক্ষী অধীক্ষকৰ নেতৃত্বত থকা অভিযানকাৰী আৰক্ষীৰ দলটোৱে ছয় পেকেটত মুঠ 60 হাজাৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । লগতে, শুভাংকৰ দেৱনাথ, ইদ্ৰিছ মিঞা আৰু ৰজত পাল নামৰ তিনি সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে । আটকাধীন সৰবৰাহকাৰীৰ দুটাৰ ঘৰ সোণমুৰাৰ ধনপুৰত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (3 drug peddlers arrested in Tripura) ।
লগতে পঢ়ক :Fire in Goalpara : গোৱালপাৰাত জীৱন্তে অগ্নিদগ্ধ হ’ল 7 বছৰীয়া নাবালক