Missing in Nalbari: এমাহৰ অন্তত উদ্ধাৰ নলবাৰীৰ নিৰুদ্দিষ্ট কিশোৰক - Police rescued teenager
নলবাৰী, ২৯ এপ্ৰিল:নলবাৰী জিলাৰ চ'কবজাৰৰ নিৰুদ্দিষ্ট কিশোৰক উদ্ধাৰ আৰক্ষীৰ । প্ৰায় এমাহ তিনিদিনৰ অন্তত শনিবাৰে নলবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰজনক । উল্লেখযোগ্য যে, যোৱা ২৬ মাৰ্চৰ পৰা নিখোজ হৈ আছিল (Police rescued teenager)। বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ পিছতে নিৰুদ্দেশ হৈ পৰিছিল কিশোৰজন । তাৰ পিছতে কিশোৰজনৰ মাতৃয়ে বন্ধুৰ নাম উল্লেখ কৰি নলবাৰী সদৰ থানাত দাখিল কৰিছিল এখন এজাহাৰ ।
আৰক্ষীয়ে এজাহাৰত উল্লেখ কৰা ফুৰাবলৈ লৈ যোৱা বন্ধুজনক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছিল । আজি নলবাৰী সদৰ আৰক্ষীৰ টাউন উপ পৰিদৰ্শক দীপজ্যোতি শৰ্মাৰ নেতৃত্বত চলা অভিযানত উদ্ধাৰ কৰা হয় নিৰুদ্দিষ্ট কিশোৰজনক ৷ আনহাতে, কিশোৰজনৰ মাতৃয়ে অভিযোগ উত্থাপন কৰা অভিযুক্তৰ পৰিয়ালে পূৰ্ৱৰে পৰা কিশোৰজনে আত্মগোপন কৰি থকাৰ কথা ব্যক্ত কৰে (Teenager missing case in Nalbari)।