অসম

assam

অঞ্জন নাথ হত্যাকাণ্ডৰ পিষ্টল বিচাৰি ভৰলুত আৰক্ষীৰ অভিযান

ETV Bharat / videos

Anjan Nath murder case update: অঞ্জন নাথ হত্যাকাণ্ডৰ পিষ্টল বিচাৰি ভৰলুত আৰক্ষীৰ অভিযান - অঞ্জন নাথ হত্যাকাণ্ড

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 3:06 PM IST

গুৱাহাটী, 17 অক্টোবৰ: যোৱা 12 অক্টোবৰত খানাপাৰাৰ কইনাধৰাত জনসমাগমৰ মাজত অঞ্জন নাথ নামৰ এজন যুৱকক গুলীয়াই হত্যা কৰিছিল অচিনাক্ত আততায়ীয়ে ৷ দিন বাগৰি যোৱাৰ পিচতে গুলীচালনা ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত পোহৰলৈ আহিছে ইটোৰ পিচত সিটোকৈ বিস্ফোৰক তথ্য ৷ প্ৰেমজনিত কাৰণত সৌৰভ গোৱেংকা নামৰ এজন যুৱকে প্ৰেয়সী গীতাশ্ৰী সিনহাৰ স্বামী অঞ্জন নাথক গুলীওৱাৰ তথ্য পোহৰলৈ আহে ৷  ইয়াৰ পিচতে ঘটনা সংক্ৰান্তত মূল অভিযুক্ত সহ 7 জনক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে জব্দ কৰে ঘটনাত ব্যৱহাৰ কৰা Yamaha MT 15 AS 01 EB 3684 নম্বৰৰ বাইকখনো । 

তাৰ পিচতে মঙলবাৰে এই হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলটো বিচাৰি মহানগৰ আৰক্ষীয়ে ভৰলুত অভিযান চলায় ৷ অঞ্জন নাথ হত্যাকাণ্ডৰ মূল অভিযুক্ত সৌৰভ গোৱেংকাক লগত লৈ SDRF এ ভঙাগড়ৰ মাজাৰ ৰোডৰ ভৰলু নৈত আৰক্ষীয়ে এই অভিযান চলায় ।‌ অভিযুক্তৰ ভাষ্য অনুসৰি, ঘটনা সংঘটিত কৰি আহি সৌৰভ গোৱেংকাই ভৰলুত দলিয়াইছিল পিষ্টলটো ৷

অৱশ্যে হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলটো এতিয়াও উদ্ধাৰ হোৱা নাই। উল্লেখ্য যে, ত্ৰিকোণ প্ৰেমৰ বাবে সৌৰভ গোৱেংকাই অঞ্জন নাথক গুলীয়াই হত্যা কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছিল ৷ অঞ্জন নাথ হত্যাকাণ্ডত গ্ৰেপ্তাৰ হোৱা কেইজন হ’ল হত্যাকাণ্ডৰ মূল অভিযুক্ত সৌৰভ গোৱেংকা (25), প্ৰেমিকা গীতাশ্ৰী সিনহা (29) গীতাশ্ৰীৰ পিতৃ অজিত সিনহা (57), মাতৃ  ঝৰ্ণা সিনহা (50), ভগ্নী নেহা সিনহা (27), গোবিন্দ কুমাৰ (23) আৰু অৰবিন্দ ৰয় (48)।

লগতে পঢ়ক:Khanapara open Firing Update : কইনাধৰাৰ গুলীচালনাত জড়িত ছয় অভিযুক্তক আটক

ABOUT THE AUTHOR

...view details