অসম

assam

চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়

ETV Bharat / videos

Cattle smuggling in Assam:পাভ সংৰক্ষিত বনাঞ্চলত জব্দ ৭০টা চোৰাং গৰু

By

Published : Jul 12, 2023, 7:57 PM IST

বিহপুৰীয়া, ১২ জুলাই :দীৰ্ঘদিন ধৰি লখিমপুৰ জিলাৰ বঙালমৰাৰ বিভিন্ন প্ৰান্তৰ পৰা চুবুৰীয়া ৰাজ্য সমূহলৈ দুষ্ট চক্ৰই চলাই আহিছে চোৰাং গৰুৰ এক ৰমৰমীয়া ব্যৱসায় । বুধবাৰে পুৱতি নিশা বিহপুৰীয়া আৰু বঙালমৰা আৰক্ষীয়ে লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলৰ দুৰ্গম অঞ্চল দুইমুখত গৰুৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই । পুৱতি নিশা বিহপুৰীয়া আৰু বঙালমৰা আৰক্ষীৰ অভিযানত জব্দ ৭০ টাৰো অধিক চোৰাং গৰু ।  

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাইছিল বিহপুৰীয়া আৰু বঙালমৰা আৰক্ষীৰ দলে । চাৰি ঘণ্টা ধৰি চলা অভিযানৰ অন্তত জব্দ হয় এই চোৰাং গৰু । অৱশ্যে দুৰ্গম অঞ্চলৰ সুযোগলৈ পলাই সাৰে কেইবাটাও গো-মাফিয়া । গো-মাফিয়া চক্ৰটোৱে ভটভটি নাৱেৰে নদী পথেদি গোলাঘাট, নাগালেণ্ড লৈ গোপনে গৰু সৰবৰাহ কৰি আহিছিল  ।  

লগতে পঢ়ক:Morigaon Encounter: মৰিগাঁৱত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

For All Latest Updates

ABOUT THE AUTHOR

...view details