অসম

assam

৩১ ডিচেম্বৰৰ নিশা টিংখাঙত সুৰামত্ত চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ETV Bharat / videos

৩১ ডিচেম্বৰৰ নিশা টিংখাঙত সুৰামত্ত চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 8:11 AM IST

ডিব্ৰুগড়, ১ জানুৱাৰী : সুৰামত্ত চালকৰ বিৰুদ্ধে ৩১ ডিচেম্বৰৰ নিশা টিংখাঙত আৰক্ষীয়ে ব্যাপক অভিযান চলায় ৷ হাতত ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষীয়ে দেওবাৰে নিশা অলিয়ে-গলিয়ে অভিযান চলায় ৷ নৱবৰ্ষৰ প্ৰাকক্ষণত যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে 31 ডিচেম্বৰৰ নিশা টিংখাঙত আৰক্ষীয়ে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলায় ৷

অভিযান কালত, টিংখাঙৰ ভিন্ন প্ৰান্তত সুৰাপান কৰি যান-বাহন চলোৱা, হেলমেট পৰিধান নকৰা, চিটবেল নলগোৱাকৈ গাড়ী চলোৱা চালকসকলক জৰিমনা বিহে আৰক্ষীয়ে ৷ আনহাতে নথি-পত্ৰ বিহীন যান-বাহনৰ গৰাকী আৰু চালককো জৰিমনা বিহে আৰক্ষীয়ে ৷ এই অভিযানত টিংখাঙৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে জিলাৰ কেইবাজনো উচ্চপদস্থ প্ৰশাসনিক বিষয়া উপস্থিত আছিল ৷ 

এই ক্ষেত্ৰত আবকাৰী বিষয়াই কয়, ‘‘দুৰ্ঘটনা হ্ৰাস আৰু সুৰা সেৱন কৰি যাতে গাড়ী নচলাই তাৰবাবে এই অভিযান চলোৱা হৈছে ৷ আইন ভংগকাৰী কেইবাজনকো জৰিমনা বিহা হয় ৷’’

লগতে পঢ়ক :প্ৰথম বাৰ্ষিক টিংখাং আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details