Encounter: দুৰ্বৃত্তলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী, এটা অপৰাধী আটক - আৰক্ষীৰ এনকাউণ্টাৰ
Published : Nov 15, 2023, 12:05 PM IST
বিলাসীপাৰা, 15 নৱেম্বৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে ৷ বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত জড়িত থকা দুই অপৰাধীক লক্ষ্য কৰি বিলাসীপাৰা আৰক্ষীয়ে গুলীচালনা সংঘটিত কৰে ৷
মঙলবাৰে নিশা বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া ড৹ স্মৃতি ৰেখা ফুকন আৰু বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে কেইবাঘণ্টা যোৰা অভিযানত দুৰ্বৃত্তক লক্ষ্য কৰি সাত জাঁইকৈ গুলীচালনা কৰে।
ইফালে আৰক্ষীৰ গুলীৰ পৰা বাচি যায় আলী আকবৰ নামৰ দুৰ্বৃত্তটো। আলী আকবৰৰ ঘৰ বিলাসীপাৰা মহকুমাৰ চাটাপাৰা গাঁৱত বুলি জানিব পৰা গৈছে। যদিও দুৰ্বৃত্তই আৰক্ষীৰ গুলীৰ ভয়ত নদীৰ মাজৰে পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ হাতত কৰায়ত্ত হয় ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে দুৰ্বৃত্তটোক বিলাসীপাৰা আৰক্ষীৰ জিম্মাত ৰখা হৈছে বুলি জানিব পৰা গৈছে। এই ঘটনাক লৈ সমগ্ৰ বিলাসীপাৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে।
লগতে পঢ়ক:Magic Driver Protest at Noonmati : যান-বাহন আৰক্ষীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ-শ মেজিক চালক