Houseful show Pathaan in Jorhat: পাঠানৰ বাবে যোৰহাটৰ ছবিগৃহত আৰক্ষী মোতায়েন - Pathaan film released
বহু বিতৰ্ক নেওচি ছবিগৃহলৈ আহিল শ্বাহৰুখ খান অভিনীত বিতৰ্কিত ছবি পাঠান (Pathaan film released)। গোটেই বিশ্বৰ প্ৰায় ১০০ খন দেশত বুধবাৰৰ দিনটোতে মুক্তি লাভ কৰিলে বলিউডৰ আকৰ্ষণীয় যুটি শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত ছবি পাঠানে । টিজাৰ মুকলিৰ পৰাই ছবিখন তীব্ৰ বিতৰ্কৰ সন্মুখীন হৈ আহিছিল (Protest against Pathaan) ৷
দীপিকা পাডুকনৰ পোছাকৰ ৰঙৰ বিতৰ্কৰ বাবে ছবিখন বৰ্জন কৰিবলৈ কেইবাটাও হিন্দুত্ববাদী সংগঠনে জাৰি কৰিছিল ফটোৱা ৷ পিছে হিন্দুত্ববাদী সংগঠনৰ বাধা তথা ফটোৱা নৰজিল । জাতি-বৰ্ণ ভেদে প্ৰতিটো ধৰ্মাৱলম্বী লোকে দেশ তথা ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে ব্যাপক ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ প্ৰায় ৪ বছৰৰ অন্তত প্ৰিয় অভিনেতাগৰাকীৰ ছবি চিত্ৰগৃহলৈ অহাত বাদশ্বাহৰ অনুৰাগীৰে ভৰি পৰিছে ছবিগৃহ ৷
অন্যান্য প্ৰান্তৰ লগতে যোৰহাট বিভিন্ন চিনেমা হলত পাঠান ছবি চাবলৈ দৰ্শকে ব্যাপক হাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে বহু বিতৰ্কিত পাঠানৰ তিনিটা দৰ্শনীত হাউছফুল হোৱা দেখা গৈছে(Houseful show Pathaan in Jorhat) । উল্লেখযোগ্য যে বিভিন্ন হিন্দুত্ববাদী সংগঠনে পাঠান ছৱিক বয়কট কৰিবলৈ বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰিছে । কাৰণ পাঠান ছবিখনৰ এটা গীতত দীপিকা পাডুকনে গেৰুৱা বস্ত্ৰ পৰিধান কৰিছিল তাৰ কাৰণে হিন্দুত্ববাদী সংগঠন সমূহে পাঠান বৰ্জন আৰু নিষিদ্ধ ঘোষণা কৰিবলৈ দাবী জনাইছিল ।
ফলত যাতে ছবিগৃহ সমূহত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে(Police deployed at Jorhat cinema hall for Pathan) । ইয়াৰ ব্যতিক্ৰম নহয় যোৰহাটৰ ছবিগৃহ সমূহো । যোৰহাটৰ দুটা ছবিগৃহত মুক্তি পোৱা পাঠান ছবিখনৰ বাবে যোৰহাট আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । ইতিমধ্যে পাঠান ছবিখন চাবৰ বাবে পুৱাৰে পৰাই ছবিগৃহত দৰ্শকৰ ভিৰ ব্যাপক হাৰত দেখিবলৈ পোৱা গৈছে । ইতিমধ্যে তিনিটা দৰ্শনী টিকটসমূহ ইতিমধ্যে শেষ হৈছে ।