অসম

assam

বালি ফিল্ডত প্ৰীতি ক্ৰিকেট মেচ

ETV Bharat / videos

Police Day 2023: শিৱসাগৰত আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি প্ৰীতি ক্ৰিকেট মেচ - বালি ফিল্ডত প্ৰীতি ক্ৰিকেট মেচ

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 7:29 PM IST

শিৱসাগৰ, ১ অক্টোবৰ:আজি আৰক্ষী দিৱস উপলক্ষে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ লগতে আৰক্ষী চাউনিত একাধিক কাৰ্যসূচী সম্পন্ন হয় । এই দিৱসৰ অংশৰূপে দেওবাৰে শিৱসাগৰ আৰক্ষীৰ উদ্যোগত নগৰৰ সমীপৰ বালি ফিল্ডত এখন প্ৰীতি ক্ৰিকেট মেচ অনুষ্ঠিত হয় । এই মেচখনত শিৱসাগৰ আৰক্ষী আৰু শিৱসাগৰ সাংবাদিকৰ দলৰ মাজত অনুষ্ঠিত হয় । উত্তেজনাপূৰ্ণ খেলখনত শিৱসাগৰ আৰক্ষী দলক শিৱসাগৰ সাংবাদিকৰ দলে ৪ ৰাণত পৰাজিত কৰে ।

প্ৰথমে বেট ধৰি শিৱসাগৰ সাংবাদিকৰ দলে নয়ন গগৈৰ ২৪ আৰু শুভম দেৰ ২৩ ৰাণৰ সহায়ত ৮২ ৰাণ সংগ্ৰহ কৰে । শিৱসাগৰ আৰক্ষী দলে লক্ষ্য অনুসৰণ কৰি নিৰ্ধাৰিত ১২ অভাৰত ৭৮ ৰাণ কৰিবলৈ সক্ষম হয় । শিৱসাগৰ সাংবাদিক দলৰ হৈ বলে-বেটে উজলি উঠা শুভম দে মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয় ।

খেলৰ অন্তত ইটিভি ভাৰতৰ সাংবাদিক অনন্ত স্মিথে আঁতধৰা বঁটা বিতৰণি সভাত শিৱসাগৰ ক্ৰীড়া সন্থাৰ সভাপতি পোণাৰাম মিলি, শিৱসাগৰ জিলা ছাত্র সন্থাৰ সম্পাদক দিপাংকৰ শইকীয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰমে প্ৰকাশ মেধি, আৰিফ আহমেদ আৰু পদ্ম পেগুৱে বিজয়ী তথা বিজিত দলক বঁটাসমূহ প্ৰদান কৰে ।

লগতে পঢ়ক:Fishing Competition: বিপিন চাউদাঙৰ পুখুৰীত বৰশী বাই প্ৰীতম দত্তই লাভ কৰিলে এল্ট’ বাহন

ABOUT THE AUTHOR

...view details