অসম

assam

তেজপুৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত

By

Published : Apr 18, 2023, 9:41 PM IST

ETV Bharat / videos

Tezpur Bank employee Murder: প্ৰেয়সীক হত্যা কৰিও মুখত কোনো অনুশোনাৰ লেশ নাই দেবাশীষৰ

তেজপুৰ, 18 এপ্ৰিল :অৱশেষত তেজপুৰৰ পঞ্জাৱ নেশ্যনেল বেংকৰ যুৱতী কৰ্মচাৰী মনীষা বড়োৰ হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত দেৱশীষ কৰক গ্ৰেপ্তাৰ ৷ পলায়ন কৰিবলৈ চেষ্টা কৰোতেই অসম পশ্চিমবংগ সীমান্তৰ শ্ৰীৰামপুৰত তেজপুৰ কছাৰী গাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জাফিৰ হুছেইনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে (Tezpur bank employee murder)। 

উল্লেখযোগ্য যে, যোৱা ১৪ এপ্ৰিলৰ নিশা প্ৰায় ১২ বজাত যুৱতী গৰাকীক প্ৰেমিক দেৱাশীষ কৰে হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে দেৱাশীষক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল (Tezpur murder case) ৷

প্ৰাপ্ত তথ্যমতে দেৱাশীষ কৰে নিশা যুৱতীগৰাকীৰ ভাড়াঘৰৰ কোঠাত তেওঁ কাম কৰা পঞ্জাৱ নেশ্যনেল বেংকৰ আন এজন কৰ্মচাৰী ৰিচাৰ্ড দলেক প্ৰেমিকা মনীষাৰ সৈতে অসংযত অৱস্থাত উদ্ধাৰ কৰে (Love Sex aur Dhokha) ৷ খঙত অগ্নিশৰ্মা হৈ দেৱাশীষে প্ৰথমে ৰিচাৰ্ড দলেক আক্ৰমণ কৰে ৷ ৰিচাৰ্ড দলেক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে (Tezpur PNB lady employee murder case) ৷

উল্লেখযোগ্য যে, জোনাইৰ প্ৰকৃত নিবাসী দলে তেজপুৰৰ ৰত্নপুৰৰ শহুৰেকৰ ঘৰতে থাকে আৰু নিহত মনীষাৰ সৈতে তেওঁৰ অবৈধ সম্পৰ্ক আছিল বুলি সংবাদ মাধ্যমৰ আগত তেওঁ নিজেই স্বীকাৰ কৰিছে ৷ ইতিমধ্যে ১৬ তাৰিখে ৰিচাৰ্ড দলেক আৰক্ষীয়ে তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে । আজি উক্ত হত্যাকাণ্ডৰ লগত জড়িত থকা মূল অভিযুক্ত দেৱশীষ কৰক তেজপুৰ আৰক্ষীয়ে তেজপুৰ আদালতত হাজিৰ কৰে ।

লগতে পঢ়ক :Love Sex aur Dhokha: অবৈধ প্ৰেমিকৰ সৈতে অসংযত অৱস্থাত উদ্ধাৰ প্ৰেয়সীক; হত্যাৰ সিদ্ধান্ত ল’লে প্ৰেমিকে

ABOUT THE AUTHOR

...view details