চুৰি ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতেই চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ - silchar thief incident
Published : Dec 19, 2023, 12:57 PM IST
শিলচৰ, 19 ডিচেম্বৰ :24 ঘণ্টাৰ ভিতৰত আৰক্ষীৰ জালত পৰিল গভাইত চোৰ ৷ ধৃত চোৰটো বিজয় সাতনামী (26) বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে সোমবাৰে আবেলি 4 বজাত বিজয় সতনামীক গ্ৰেপ্তাৰ কৰে ৷ কাছাৰ জিলাৰ শিলচৰৰ উধৰবন্দ হাস্পতাল ৰোডৰ বাসিন্দা নানু দেৱৰয়ৰ ঘৰত চুৰিৰ সন্দেহত চোৰটোক গ্ৰেপ্তাৰ কৰি উধৰবন্দ আৰক্ষী থানালৈ লৈ আহে।
পৰৱৰ্তী সময়ত, আৰক্ষীৰ মাৰাথন জেৰা চলোৱাৰ পিচত বিজয়ে স্বীকাৰ কৰে যে, উধৰবন্দ অঞ্চলত সংঘটিত হোৱা বিভিন্ন চুৰিৰ ঘটনাৰ সৈতে জড়িত আছিল বিজয় । যাৰ ভিতৰত আছে নানু দেবৰয়ৰ বাসগৃহত হোৱা চুৰিকাণ্ডটো ধৃত চোৰটো জড়িত আছে ৷
পৰৱৰ্তী সময়ত উধৰবন্দ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হাউকাম চেংচানৰ নেতৃত্বত আৰক্ষীয়ে বিজয় সাতনামীৰ বাসগৃহত অভিযান চলাই এটা চিলিণ্ডাৰ, এটা বেটাৰী আৰু বৃহৎ সংখ্যক বাচন-বৰ্তন জব্দ কৰিবলৈ সক্ষম হয় । চোৰটোক বৰ্তমান উধৰবন্ধ আৰক্ষীয়ে জেৰা কৰি আছে। মঙলবাৰে শিলচৰ আদালতত হাজিৰ কৰোৱা হয় চোৰটোক ৷