অসম

assam

মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া

ETV Bharat / videos

মৰিগাঁৱত সম্পূৰ্ণ হোৱা নাই ২০,৯২৯ টা PMAY গৃহ - Chief Executive Officer of Morigaon Zilla Parishad

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 10:37 PM IST

মৰিগাঁও, ৬ ডিচেম্বৰঃমৰিগাঁও জিলা পৰিষদৰ অন্তৰ্গত বটদ্ৰবা,ভূৰবন্ধা, দলংঘাট,কপিলী, লাহৰীঘাট, মায়ং,মৈৰাবাৰী উন্নয়ন খণ্ডত ৭৭,৪৭৩ টা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ সম্পূৰ্ণ হৈছে । বুধবাৰে এই তথ্য প্ৰকাশ কৰিছে মৰিগাঁও জিলা পৰিষদৰ নৱ-নিযুক্ত মুখ্য কাৰ্যবাহী বিষয়া লক্ষীনন্দন চহৰীয়াই । ইয়াৰে মৈৰাবাৰী উন্নয়ন খণ্ডত ১৮,৫৩৩টা,মায়ং উন্নয়ন খণ্ডত ১৯,৬১৯টা,লাহৰীঘাটত ২৬,৭৬৪টা, কপিলী উন্নয়ন খণ্ডত ৪,৬৩১টা, দলংঘাটত ১,৫১৯টা, ভূৰবন্ধা উন্নয়ন খণ্ডত ৬,১৬৯টা, বটদ্ৰবা উন্নয়ন খণ্ডত ১,২৩৮টা প্ৰধান মন্ত্ৰী আবাস যোজনাৰ গৃহ ।  

আনহাতে, ২০,৯২৯ টা গৃহ নিৰ্মীয়মান অৱস্থাত আছে বুলি সংবাদমেলত সদৰী কৰে মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে । ইয়াৰ লগত সংগতি ৰাখি নৱ-নিযুক্ত মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে জিলাখনৰ অসম্পূৰ্ণ হৈ থকা আৰু হিতাধিকাৰীৰ তালিকাত বাদ পৰা সকলৰ ক্ষেত্ৰত থকা কাৰিকৰী দিশ সমূহৰ বিষয়েও উল্লেখ কৰে । 

লগতে পঢ়ক:APSCৰ কেলেংকাৰীৰ তদন্তক লৈ উদাসীন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details