Laser show at Rang Ghar: ৰংঘৰত প্ৰধানমন্ত্ৰী মোডীৰ মন কী বাত অনুষ্ঠানক লৈ ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়া
শিৱসাগৰ, 29 এপ্ৰিল: মন কী বাতৰ ১০০ সংখ্যক খণ্ডৰ প্ৰচাৰৰ প্ৰাক মুহূৰ্তত শিৱসাগৰৰ ৰংঘৰ বাকৰিত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে (Maan ki baat) । ৰংঘৰৰ লগতে দেশৰ আৰু কেইবাটাও অমূল্য সম্পদত লেজাৰ শ্ব’ প্ৰদৰ্শন কৰা হৈছে ৷ মন কী বাতৰ পৰিক্ৰমা সন্দৰ্ভত প্ৰদৰ্শন কৰা হৈছে এখন তথ্যচিত্ৰ (laser show at Rang Ghar)।
১০০ সংখ্যক খণ্ড উপলক্ষে ৰংঘৰ বাকৰি বিশেষভাৱে সজাই পৰাই তোলা হৈছে । এই অনুষ্ঠান ৰংঘৰৰ লগতে দেশৰ অন্য ১৩ টা স্থানতো অনুষ্ঠিত হৈছে । লেজাৰ শ্ব’ত চৰকাৰৰ পুৰাতত্ব বিভাগে ধৰ্মীয় কীৰ্তিচিহ্ন বোৰো উপস্থাপন কৰিছে ৷ কিন্তু অসমত আহোম ৰজাৰ মান ৰংঘৰত হিন্দুত্ববাদৰ কীৰ্তিচিহ্নৰ দৃশ্যায়ন কোনোৱে সহজে মানি ল’ব পৰা নাই (rang ghar controversy) ৷
সাধাৰণ জনতাৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে (laser show at rang ghar creates controversy) ৷ চৰকাৰৰ ধৰ্মীয় মেৰুকৰণৰ অংকলৈ অসমীয়া জাতিৰ স্বাভিমান টানি নানিবলৈ সকলোৱে একেমুখে সকীয়নি দিছে চৰকাৰক ৷
লগতে পঢ়ক :Rang Ghar controversy: ৰংঘৰৰ আলোক সজ্জাকলৈ শিৱসাগৰত চৰকাৰ বিৰোধী প্ৰতিবাদ